লোকপিয়ল ২০২৭ৰ দ্বিতীয় পৰ্যায়ৰ প্ৰস্তুতি, গুৱাহাটীত ৬৬গৰাকী মুখ্য প্ৰশিক্ষকৰ প্ৰশিক্ষণ আৰম্ভ

Public Talks
0


গুৱাহাটী, ১৭ নৱেম্বৰ:
২০২৭ চনৰ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনাৰ বাবে গুৱাহাটীৰ লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত মঙলবাৰৰ পৰা চাৰিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। ১৭ৰ পৰা ২০ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ ৫০গৰাকী বিষয়া আৰু লোকপিয়ল সঞ্চালকালয়ৰ ১৬গৰাকী বিষয়াসহ মুঠ ৬৬গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছে।

সমগ্ৰ অসমতে লোকপিয়লৰ কাম সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিব পৰাকৈ দক্ষ মুখ্য প্ৰশিক্ষকৰ দল গঢ়ি তোলাই এই কাৰ্যসূচীৰ মূল লক্ষ্য।

উদ্বোধনী অনুষ্ঠানত অসমৰ লোকপিয়ল সঞ্চালক তথা মুখ্য প্ৰধান লোকপিয়ল বিষয়া বিশ্বজিৎ পেগু, ৰাজ্যিক সমন্বয়ক পাৰ্থ পেগু আৰু ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ অধ্যাপক এ এছ এছ দেৱান উপস্থিত থাকে। তেওঁলোকে সঠিক লোকপিয়লৰ তথ্যৰ গুৰুত্ব আৰু চৰকাৰৰ উন্নয়নমূলক পৰিকল্পনা তথা জনকল্যাণমূলক আঁচনি প্ৰস্তুত কৰাত ইয়াৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।

প্ৰশিক্ষণত লোকপিয়লৰ পদ্ধতি, প্ৰশ্নাৱলী, ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মপদ্ধতি আৰু ডিজিটেল সঁজুলিৰ ব্যৱহাৰ সম্পৰ্কে কাৰিকৰী তথা ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হৈছে। অহা ২০ নৱেম্বৰলৈ চলিবলগীয়া এই প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত মুখ্য প্ৰশিক্ষকসকলে ৰাজ্যৰ বিভিন্ন জিলাত ক্ষেত্ৰ প্ৰশিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰিব।

Tags

Post a Comment

0Comments

Post a Comment (0)