আইমী বৰুৱাৰ ‘ৰেড কাৰ্পেট’ আৰু ডুয়ু টাব্যোৰ ‘উৰুম’ক লৈ বিশেষ আলোচনা
গুৱাহাটী, ২২ নৱেম্বৰ: উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা সংস্কৃতি, ভাষা, পৰিচয় আৰু সামাজিক বাস্তৱতাৰ বিভিন্ন দিশ ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)ত তুলি ধৰিছে অঞ্চলটোৰ দুখন ছবিয়ে। ভাৰতীয় পেনোৰামাৰ নন-ফিচাৰ শিতানত আইমী বৰুৱাৰ অসমীয়া তথ্যচিত্ৰ ‘ৰেড কাৰ্পেট’ আৰু ফিচাৰ শিতানত ডুয়ু টাব্যোৰ নিচি ভাষাৰ ছবি ‘উৰুম’ অন্তৰ্ভুক্ত হৈছে।
গোৱাত অনুষ্ঠিত এখন সংবাদমেলত পৰিচালক দুগৰাকীয়ে ছবি নিৰ্মাণৰ অভিজ্ঞতা আৰু ইয়াৰ জৰিয়তে থলুৱা ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাৰ বিষয়ে মত প্ৰকাশ কৰে।
‘ৰেড কাৰ্পেট’ত কাৰ্বি আংলঙৰ ডংকামোকাম গাঁৱৰ এগৰাকী পৰম্পৰাগত শিপিনীৰ কাহিনীৰ জৰিয়তে কাৰ্বি জনগোষ্ঠীৰ শতিকাজোৰা হস্ততাঁত বয়নশিল্পৰ ঐতিহ্য তুলি ধৰা হৈছে। ছবিখনত এগৰাকী শিপিনীৰ হাতে বোৱা বস্ত্ৰৰ কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটলৈ হোৱা যাত্ৰাৰ লগতে সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰা সংৰক্ষণৰ গুৰুত্ব প্ৰতিফলিত হৈছে।
পৰিচালক আইমী বৰুৱাই কয় যে স্থানীয় শিপিনীসকলৰ নিপুণতা আৰু তেওঁলোকৰ বস্ত্ৰত নিহিত হৈ থকা সাংস্কৃতিক পৰিচয়ক বিশ্ব দৰবাৰলৈ লৈ যোৱাই ছবিখনৰ মূল উদ্দেশ্য। তেওঁ নৱপ্ৰজন্মক নিজৰ ভাষা, সংস্কৃতি আৰু পৰম্পৰাক লৈ গৌৰৱ কৰিবলৈ আহ্বান জনায়।
আনহাতে, ‘উৰুম’ত অৰুণাচল প্ৰদেশৰ দুৰ্গম পাহাৰীয়া অঞ্চলৰ এগৰাকী পিতৃয়ে কণমানি কন্যাৰ মৃত্যুৰ পিছত সন্মুখীন হোৱা শোক, অপৰাধবোধ আৰু মানসিক সংঘাতৰ কাহিনী তুলি ধৰা হৈছে। পৰিচালক ডুয়ু টাব্যোৱে নিজৰ শৈশৱত জিৰোত প্ৰত্যক্ষ কৰা এক শোকাৱহ ঘটনাৰ পৰা ছবিখনৰ কাহিনীৰ প্ৰেৰণা লাভ কৰা বুলি জানিবলৈ দিয়ে।
তেওঁ কয় যে ছবিখন নিচি ভাষাত নিৰ্মাণ কৰাৰ মূল উদ্দেশ্য হৈছে ভাষাটোৰ মৌলিকতা অক্ষুণ্ণ ৰখা আৰু থলুৱা ভাষিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি কৰা। তেওঁৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ বহু অকথিত কাহিনী এতিয়াও বিশ্বৰ সন্মুখলৈ অহা নাই। চলচ্চিত্ৰই সেই কাহিনীসমূহ সংৰক্ষণৰ লগতে সামাজিক সজাগতা সৃষ্টিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
উল্লেখ্য যে, ‘ৰেড কাৰ্পেট’ আৰু ‘উৰুম’ৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰা, ভাষা, সাংস্কৃতিক পৰিচয় আৰু মানৱীয় অনুভূতিৰ দুটা সুকীয়া দিশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মঞ্চত প্ৰতিফলিত হৈছে।
