কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদত অসমৰ বৰ্ণালী ডেকা
গুৱাহাটী, ৩০ আগষ্ট: অসমৰ প্ৰশাসনিক ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব হিচাপে নিযুক্তি লাভ কৰিছে অসমৰ বিশিষ্ট IAS বিষয়া বৰ্ণালী ডেকাই। নলবাৰীৰ সু-সন্তান বৰ্ণালী ডেকাই নলবাৰী জিলাৰ আয়ুক্ত হিচাপেও সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছিল।
এই গুৰুত্বপূৰ্ণ পদত নিযুক্তি লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে বৰ্ণালী ডেকাৰ এই সাফল্যক লৈ ৰাজ্যজুৰি গৌৰৱৰ সৃষ্টি হৈছে। তেওঁৰ এই নিযুক্তিয়ে অসমৰ মহিলা প্ৰশাসনিক বিষয়াসকলৰ বাবে এক নতুন অনুপ্ৰেৰণাৰ বাট মুকলি কৰিছে।
