অমৃতপ্ৰভা দোষী নহয়, আদালতত যুক্তি অধিবক্তাৰ
অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই আদালতত যুক্তি দাঙি ধৰি কয় যে অমৃতপ্ৰভা মহন্ত দোষী নহয় আৰু চাৰ্জশ্বীটত উল্লেখ কৰা তথ্যসমূহ আইনগতভাৱে গ্ৰহণযোগ্য নহয়। তেওঁৰ বিৰুদ্ধে পূৰ্বে কোনো অপৰাধৰ গোচৰ নথকাৰ লগতে তেওঁ এগৰাকী গায়িকা আৰু নৃত্যশিল্পী হিচাপে দেশক প্ৰতিনিধিত্ব কৰি আহিছে বুলিও অধিবক্তাই উল্লেখ কৰে।
চৰকাৰী পক্ষৰ অধিবক্তাইও নিজৰ যুক্তি দাঙি ধৰাৰ পাছত উভয় পক্ষৰ বক্তব্য শুনি আদালতে ৫০ হাজাৰ টকাৰ বেইল বণ্ডত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰে। অধিবক্তাৰ মতে, নিম্ন আদালতত বেইল বণ্ড জমা দিয়াৰ পাছত তেওঁক মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব। ইফালে, বেইল বণ্ডৰ ধন যোগাৰ কৰাক লৈ পৰিয়ালটোৱে অসুবিধাৰ সন্মুখীন হোৱাৰ কথাও অধিবক্তাই উল্লেখ কৰে।