মুখ্যমন্ত্ৰীক সাক্ষাৎ লাভলীনা বৰগোহাঁইৰ, লাভ কৰিলে গুৰুত্বপূৰ্ণ পদোন্নতি

Public Talks
0


 গুৱাহাটীঃ অসমৰ গৌৰৱ তথা অলিম্পিক পদকজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাছতে লাভলীনাৰ বাবে আহিছে সুখবৰ।

ৰাজ্যৰ গৃহ বিভাগে লাভলীনা বৰগোহাঁইক উপ-পৰিদৰ্শক আৰক্ষী অধীক্ষক (DSP) পদৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক (Additional SP) পদলৈ পদোন্নতি প্ৰদান কৰিছে। ক্ৰীড়া ক্ষেত্ৰত দেশ তথা ৰাজ্যলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি হিচাপে এই পদোন্নতি লাভলীনাৰ বাবে এক গুৰুত্বপূৰ্ণ সন্মান হিচাপে বিবেচিত হৈছে।

ইফালে, ৰাজ্য চৰকাৰৰ সংহত ক্ৰীড়া নীতিৰ অধীনত লাভলীনা বৰগোহাঁইক ৫০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হ’ব। ক্ৰীড়া ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা খেলুৱৈসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপেই এই ধন প্ৰদান কৰা হ’ব।

লাভলীনাৰ পদোন্নতি আৰু আৰ্থিক পুৰস্কাৰৰ খবৰে ৰাজ্যৰ ক্ৰীড়া মহলত আনন্দৰ সৃষ্টি কৰিছে। অলিম্পিকৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ অসমৰ নাম উজলাই তোলা লাভলীনাৰ এই সাফল্যই নৱপ্ৰজন্মৰ খেলুৱৈসকলকো উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

Tags

Post a Comment

0Comments

Post a Comment (0)