কুঠৰী: সামান্য কথাক কেন্দ্ৰ কৰি হোৱা বিবাদে ভয়ংকৰ ৰূপ লোৱাৰ অভিযোগ উত্থাপিত হৈছে কুঠৰী অঞ্চলত। ঘটনাত ছিদ্দিক আলী নামৰ এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, এটা সামান্য বিষয়ক লৈ ছিদ্দিক আলীৰ সৈতে আন এজন ব্যক্তিৰ তৰ্কাতৰ্কিৰ সূত্ৰপাত হয়। পৰৱৰ্তী সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰাত ছিদ্দিক আলীক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ পিছতে স্থানীয় লোকসকলে তেওঁক জখলাবন্ধা চিকিৎসালয়লৈ লৈ যায়। অৱস্থা গুৰুতৰ হোৱাত চিকিৎসকে তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (TMCH) প্ৰেৰণ কৰে।
সম্প্ৰতি TMCHত চিকিৎসাধীন ছিদ্দিক আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাটোৰ সৈতে জড়িত ব্যক্তিজনৰ পৰিচয় এই পৰ্যন্ত ৰাজহুৱা হোৱা নাই। ঘটনাৰ প্ৰকৃত কাৰণ আৰু আক্ৰমণৰ আঁৰৰ তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
ইফালে, স্থানীয় ৰাইজে ঘটনাটোৰ উচিত তদন্ত কৰি দোষী সাব্যস্ত হ’লে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
