বাঙালী জাতীয় পৰিষদৰ ডিমা হাছাও জিলা সমিতি গঠন

Public Talks
0

Uploading: 3815375 of 4969284 bytes uploaded.

হাফলং, ১৬ ছেপ্টেম্বৰ: “গণতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰত সাংবিধানিক প্ৰতিনিধিত্ব নাথাকিলে এটা জনগোষ্ঠীৰ অস্তিত্ব ক্ৰমাৎ বিলুপ্তিৰ দিশে গতি কৰে। হিন্দু বাঙালীৰ জাতিসত্তা অটুট ৰাখিবলৈ ভাষা-সংস্কৃতিৰ লগতে ৰাজনৈতিক প্ৰতিনিধিত্বৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব। জনবিন্যাসৰ ভিত্তিত বাঙালীৰ বাবে বিধানসভা, লোকসভা, পৌৰসভা আৰু পঞ্চায়ত পৰ্যায়ত আসন বৃদ্ধিৰ দাবীও প্ৰতিষ্ঠা কৰিব লাগিব। এই লক্ষ্য পূৰণত যুৱ সমাজৰ অকুণ্ঠ সমৰ্থন অতি গুৰুত্বপূৰ্ণ”—বাঙালী জাতীয় পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চিত্ত পালে সংগঠনটোৰ ডিমা হাছাও জিলা সমিতি গঠন উপলক্ষে অনুষ্ঠিত সাধাৰণ সভাত এই মন্তব্য কৰে। মঙলবাৰে বাৰে সন্ধিয়া প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰে সমৃদ্ধ পাৰ্বত্য চহৰ হাফলঙৰ এগ্রিকালচাৰ গেষ্ট হাউজত বাঙালী জাতীয় পৰিষদ, অসমৰ সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে হাফলং পি এমশ্ৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সমীৰ মজুমদাৰে। সভাতে আনুষ্ঠানিকভাৱে বাঙালী জাতীয় পৰিষদ, অসমৰ ডিমা হাছাও জিলা সমিতি গঠন কৰা হয়।সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় সভাপতি চিত্ত পালে কয় যে বাঙালীৰ জাতিসত্তা, ভাষা আৰু সংস্কৃতি অটুট ৰখাৰ দায়িত্ব ক্ৰমাৎ যুৱ প্ৰজন্মৰ ওপৰত অধিকভাৱে ন্যস্ত হৈছে। পৰম্পৰাগত শিক্ষাৰ লগতে উন্নত কেৰিয়াৰ গঢ়াৰ লক্ষ্যৰে যুৱ সমাজে ইউপিএছচি আৰু এপিএছচিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব বুলি তেওঁ মন্তব্য কৰে। প্ৰশাসনিক সেৱাৰ লগতে ৰাজনৈতিক ক্ষেত্ৰতো বাঙালী যুৱক-যুৱতীৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰাটো সময়ৰ দাবী বুলি তেওঁ উল্লেখ কৰে।চিত্ত পালে লগতে স্পষ্ট কৰি দিয়ে যে বাঙালী জাতীয় পৰিষদ কোনো ব্যক্তিপূজাৰ সংগঠন নহয় আৰু কোনো ব্যক্তিৰ প্ৰাৰ্থিত্ব বা মন্ত্ৰিত্বৰ দাবী সাব্যস্ত কৰাৰ উদ্দেশ্যে এই সংগঠনৰ জন্ম হোৱা নাই। সংগঠনটোৱে বাঙালী সমাজৰ অধিকাৰ, অস্তিত্ব আৰু মৰ্যাদা ৰক্ষাৰ বাবে গণতান্ত্ৰিক আৰু সাংবিধানিক পথেৰে কাম কৰিব বুলি তেওঁ কয়।তেওঁ অভিযোগ কৰে যে বিগত কেইবা দশক ধৰি কেৱল বাঙালী জনগোষ্ঠীৰ অন্তৰ্গত হোৱাৰ বাবেই বিভিন্ন ক্ষেত্ৰত বঞ্চনাৰ সন্মুখীন হ’বলগীয়া হৈছে। ৰাজনৈতিক প্ৰতিনিধিত্বৰ অধিকাৰ খৰ্ব হ’লে এটা জনগোষ্ঠী সহজেই দুৰ্বল হৈ পৰে বুলি উল্লেখ কৰি তেওঁ বৰ্তমানৰ যুৱক-যুৱতীসকলক সময়ৰ দাবী অনুসৰি প্ৰশাসনিক বিষয়া আৰু বিশেষকৈ জনপ্ৰতিনিধি হিচাপে আত্মপ্ৰতিষ্ঠাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।সভাত কেন্দ্ৰীয় সাধাৰণ সম্পাদক পঙ্কজকুমাৰ দেৱে ভাষণত কয় যে ৰাজ্যখনৰ বিশেষ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত বাঙালী জাতীয় পৰিষদৰ আত্মপ্ৰকাশ ঘটিছে। চিত্ত পালৰ দৰে দৃঢ়চেতা নেতৃত্বৰ লগতে প্ৰবীণ শিক্ষাবিদ পুলকেশ বসু আৰু সমাজকৰ্মী শংকৰ দাসৰ সক্ৰিয় অংশগ্ৰহণে সংগঠনটোক অধিক শক্তিশালী কৰিছে বুলি তেওঁ উল্লেখ কৰে।পঙ্কজকুমাৰ দেৱে কয়, “আমি বাঙালীৰ ভাগ্যবিধাতা নহয় আৰু বাঙালী সমাজৰ হৈ চূড়ান্ত সিদ্ধান্ত লোৱাৰ কোনো দাবীও আমাৰ নাই। কিন্তু যেতিয়া বিভিন্ন ধৰণে বাঙালী সমাজক সামাজিক আৰু সাংস্কৃতিকভাৱে চাপৰ মুখত ৰখাৰ পৰিস্থিতি সৃষ্টি হয়, তেতিয়া নিজৰ অধিকাৰ, অস্তিত্ব আৰু মৰ্যাদা ৰক্ষাৰ প্ৰশ্নত বাঙালি জাতীয় পৰিষদ নীৰৱ দৰ্শক হৈ নাথাকে।”বিশেষকৈ হিন্দু বাঙালী সমাজৰ স্বাৰ্থ, অধিকাৰ, নিৰাপত্তা, সাংস্কৃতিক পৰিচয় আৰু মৰ্যাদা ৰক্ষাৰ বাবে সাংবিধানিক আৰু গণতান্ত্ৰিক পদ্ধতিৰে সংগঠনটোৱে ভূমিকা পালন কৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। “আমি কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে নহয়; নিজৰ অস্তিত্ব, অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ বাবেহে সচেষ্ট হ’ম”—বুলি তেওঁ কয়।সভাত কেন্দ্ৰীয় অৰ্থ সচিব আশিষ দত্তই বিভিন্ন জনগোষ্ঠীৰ মাজত সদ্ভাৱ আৰু সম্প্ৰীতি অটুট ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নৱগঠিত ডিমা হাছাও জিলা সমিতিৰ সভাপতি সমীৰ মজুমদাৰে ভাৰতৰ স্বাধীনতা আন্দোলনত বাঙালীৰ অৱদানৰ ওপৰত আলোকপাত কৰে।সভাৰ অন্তত কেন্দ্ৰীয় সভাপতি চিত্ত পালে ২১জনীয়া বাঙালী জাতীয় পৰিষদ, অসমৰ ডিমা হাসাও জিলা সমিতিৰ পদাধিকাৰীসকলৰ নাম ঘোষণা কৰে। সমীৰ মজুমদাৰক সভাপতি আৰু হাইস্কুলৰ শিক্ষয়িত্ৰী অৰুন্ধতী ৰায়চৌধুৰীক সাধাৰণ সম্পাদিকা হিচাপে মনোনীত কৰা হয়।

Tags

Post a Comment

0Comments

Post a Comment (0)