১১ অক্টোবৰত Assam Reports Liveৰ বৰ্ষপূৰ্তি অনুষ্ঠান, ড° পীতাম্বৰ দেৱ গোস্বামীলৈ বিশেষ বঁটা

Public Talks
0


 গুৱাহাটী, ৭ ছেপ্টেম্বৰ: গোপীনাথ কাকতি সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব ড° পীতাম্বৰ দেৱ গোস্বামীক

 Assam Reports Liveৰ বৰ্ষপূৰ্তি উপলক্ষে অহা ১১ অক্টোবৰ ২০২৬ তাৰিখে গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ কলাগুৰু প্ৰেক্ষাগৃহত এক বিশেষ বঁটা প্ৰদান আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি অনুষ্ঠিত এক সংবাদ মেলত চেনেলটোৰ মুখ্য সম্পাদক ড° অলকানন্দা কাকতিয়ে এই কথা ঘোষণা কৰে।

বৰ্ষপূৰ্তি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বৈষ্ণৱ সাহিত্য, সংস্কৃতি, ধৰ্মীয় দৰ্শন আৰু সাধনাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ‘গোপীনাথ কাকতি সোঁৱৰণী বঁটা’ প্ৰদান কৰা হ’ব মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক।

ইয়াৰ উপৰি সাংস্কৃতিক ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে দেবজিত মজুমদাৰ, অতুল পাঁচনি আৰু ৰুবুল দাসক বঁটা প্ৰদান কৰা হ’ব।

অনুষ্ঠানত গোপীনাথ কাকতিৰ জীৱনজোৰা সাধনা আৰু ব্যক্তিত্বৰ ওপৰত বিশেষ বক্তব্য আগবঢ়াব শংকৰ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই।

আনহাতে, অসমৰ বিভিন্ন অঞ্চলত নিজ নিজ দক্ষতা আৰু সামৰ্থ্যৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা কেইবাগৰাকীও ব্যক্তিকো এই অনুষ্ঠানত সন্মানিত কৰা হ’ব। ইতিমধ্যে লাভ কৰা মনোনয়নৰ ভিত্তিত নিৰ্বাচিত হোৱা ব্যক্তিসকলৰ ভিতৰত আছে—মৰিগাঁৱৰ শ্ৰীনিৰাপদ শইকীয়া আৰু শ্ৰীমিণ্টু কুমাৰ নাথ, গুৱাহাটীৰ ডেইজী বৰা আৰু ববিতা ৰাও, গহপুৰৰ ত্ৰৈলুক্য বৰুৱা, মাজুলীৰ আনন্দ শইকীয়া, দীপক বৰুৱা, অযোধ্যা জ্যোতি দাস, অনিল চেকনিধৰা আৰু অম্লান জ্যোতি বৰা (শিশু উদগনি), লগতে নগ্ৰজুলিৰ মাধৱ ছেত্ৰী।

উল্লেখযোগ্য যে উক্ত বঁটাসমূহৰ নাম আৰু শ্ৰেণী ৩০ ছেপ্টেম্বৰ ২০২৬ৰ পিছত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলি সংবাদ মেলত জানিবলৈ দিয়ে আয়োজকসকলে।

১১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, বলিউডৰ চেলিব্ৰিটি অতিথি তথা অভিনেতা-পৰিচালক চৈয়দ আফজল আলী, পৰিচালক তথা অভিনেতা জয়ন্ত নাৰ্জাৰী, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্য্য কুমাৰ হাজৰিকা আৰু গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ নবীন বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

Assam Reports Liveৰ এই বৰ্ষপূৰ্তি অনুষ্ঠান সফলভাৱে সম্পন্ন কৰাৰ বাবে সংবাদ মেলৰ জৰিয়তে আয়োজকসকলে সকলোৰে সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰে।

Tags

Post a Comment

0Comments

Post a Comment (0)