কাছাৰত অবৈধ বিদেশী চিগাৰেটৰ বিৰুদ্ধে বৃহৎ অভিযান, জব্দ ৩৪,৪০০ পেকেট
শিলচৰ: অবৈধ বিদেশী চিগাৰেটৰ সৰবৰাহৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ সফলতা লাভ কৰিছে। বিজয়পুৰ গ্ৰাণ্ট অঞ্চলত অভিযান চলাই আৰক্ষীয়ে এখন বাহন আটক কৰি তালাচী চলায়।
তালাচীৰ সময়ত বাহনখনৰ পৰা ৩৪,৪০০ পেকেট অবৈধ বিদেশী চিগাৰেট উদ্ধাৰ কৰি জব্দ কৰে আৰক্ষীয়ে। এই বৃহৎ পৰিমাণৰ চিগাৰেট অবৈধভাৱে সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
ঘটনাটোৰ সৈতে জড়িত দুজন লোকক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। অবৈধ চিগাৰেটৰ সৰবৰাহৰ আঁৰত কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি, সেই বিষয়েও তদন্ত চলাই থকা হৈছে।
ইফালে, কাছাৰ আৰক্ষীৰ এই তৎপৰ অভিযানৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ দলটোক প্ৰশংসা কৰে। অবৈধ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ এনে নিৰন্তৰ সতৰ্কতা আৰু কঠোৰ অভিযান অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰা হৈছে।
