বাংলাদেশত অস্ত্ৰ-ড্ৰাগছসহ শ্ৰীভূমিৰ যুৱক গ্ৰেপ্তাৰ...

Public Talks
0

 


ড্ৰাগছ–অস্ত্ৰসহ বাংলাদেশত আটক শ্ৰীভূমিৰ যুৱক

বলাই নমশুদ্ৰক মিছা গোচৰত ফচোৱাৰ অভিযোগ পৰিয়ালৰ, মোদীৰ হস্তক্ষেপৰ আহ্বান

শ্ৰীভূমি, ৩০ আগষ্ট: সীমান্তৰ শূন্য বিন্দুৰ সমীপৰ পৰা নিৰুদ্দেশ হোৱা শ্ৰীভূমিৰ গোবিন্দপুৰৰ যুৱক বলাই নমশুদ্ৰক বাংলাদেশত অস্ত্ৰ আৰু য়াবা টেবলেটসহ আটক কৰাৰ দাবী কৰিছে বাংলাদেশ সীমান্তৰক্ষী বাহিনী (BGB)-এ। অৱশ্যে বলাইৰ পৰিয়ালে এই অভিযোগ অস্বীকাৰ কৰি তেওঁক মিছা গোচৰত ফচোৱা বুলি দাবী কৰিছে।

পৰিয়ালৰ মতে, বৃহস্পতিবাৰে পুৱা সদায়ৰ দৰে মাছ ধৰিবলৈ সীমান্তৰ শূন্য বিন্দুৰ সমীপলৈ যোৱা বলাই ঘৰলৈ উভতি অহা নাছিল। পিছত BGBৰ সামাজিক মাধ্যমত প্ৰকাশিত ভিডিঅ’ৰ জৰিয়তে তেওঁ বাংলাদেশত আটক হৈ থকাৰ কথা পৰিয়ালে জানিব পাৰে।

BGBৰ দাবী অনুসৰি, ২৭ আগষ্টৰ নিশা মৌলভীবজাৰৰ বৰলেখা সীমান্তত অভিযান চলাই এজন ভাৰতীয় নাগৰিকক আটক কৰাৰ লগতে এটা বিদেশী পিষ্টল, গুলী আৰু ৫০০টা য়াবা টেবলেট উদ্ধাৰ কৰা হয়। কিন্তু এই অভিযোগ এতিয়াও তদন্তাধীন।

বলাইৰ পত্নীয়ে কয়, “মোৰ স্বামী সাধাৰণ মাছমৰীয়া। তেওঁক মিছা অভিযোগত ফচোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ—তেওঁক সুৰক্ষিতভাৱে ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰক।”

ইফালে, শ্ৰীভূমি আৰক্ষী আৰু BSF-এ ঘটনাটোক লৈ তদন্ত অব্যাহত ৰাখিছে। দুয়োখন দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ মাজতো বিষয়টো সন্দৰ্ভত আলোচনা চলি আছে। সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ বাহিৰত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাক লৈও ঘটনাটোৱে নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)