কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদ্‌যাপন...

Public Talks
0

 


কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদ্‌যাপন

‘খেলেগা ভাৰত, জীতেগা ভাৰত’ৰ বাৰ্তাৰে বিভিন্ন স্থানত ক্ৰীড়া কাৰ্যসূচী

গুৱাহাটী, ৩০ আগষ্ট: “খেলেগা ভাৰত, জীতেগা ভাৰত” শীৰ্ষক ৰাষ্ট্ৰীয় বিষয়বস্তুৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে ২৮ৰ পৰা ৩০ আগষ্টলৈ তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদ্‌যাপন কৰে।

বিশ্ববিদ্যালয়ৰ ক্ৰীড়াৰ নোডেল বিষয়া ড° উৎপল ডেকাৰ সমন্বয়ত মূল চৌহদ, আঞ্চলিক কেন্দ্ৰ, অধ্যয়ন কেন্দ্ৰ আৰু দত্তক গ্ৰহণ কৰা গাঁৱত বিভিন্ন ক্ৰীড়া কাৰ্যসূচী অনুষ্ঠিত হয়।


মূল চৌহদত সংগীত চকী, মাৰ্বল দৌৰসহ বিভিন্ন থলুৱা খেল অনুষ্ঠিত কৰাৰ লগতে জ্ঞান তৰংগ সামূহিক ৰেডিঅ’ত পৰম্পৰাগত ক্ৰীড়াৰ ভূমিকা সন্দৰ্ভত বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হয়।

ইফালে উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয় আৰু যোৰহাটৰ চিনামৰা মহাবিদ্যালয়তো ফুটবল, কাবাডী, ১০০ মিটাৰ দৌৰ, উচ্চ জাঁপ আৰু দীঘল জাঁপ আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ দত্তক গাঁও গণপতিতো শিশুসকলৰ মাজত বিভিন্ন ক্ৰীড়া কাৰ্যসূচী আয়োজন কৰা হয়।

এই সমন্বিত কাৰ্যসূচীৰ জৰিয়তে বিশ্ববিদ্যালয়খনে শাৰীৰিক সক্ষমতা, পৰম্পৰাগত ক্ৰীড়া আৰু সামূহিক অংশগ্ৰহণৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লগতে শিক্ষাৰ্থী আৰু সমাজৰ সৰ্বাংগীণ বিকাশৰ বাৰ্তা প্ৰদান কৰে।

Post a Comment

0Comments

Post a Comment (0)