মন কী বাত’ত প্ৰধানমন্ত্ৰীৰ আহ্বান—ড্ৰাগছমুক্ত হওক ভাৰতৰ যুৱসমাজ...

Public Talks
0

 


মন কী বাত’ত প্ৰধানমন্ত্ৰীৰ আহ্বান—ড্ৰাগছমুক্ত হওক ভাৰতৰ যুৱসমাজ

ইতিহাসৰ পৰা নাৰী সৱলীকৰণলৈ, দেশবাসীৰ সৰু প্ৰচেষ্টাক প্ৰশংসা মোদীৰ

নতুন দিল্লী, ৩০ আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ‘মন কী বাত’ৰ ১৩৭সংখ্যক খণ্ডত দেশবাসীক ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়। ‘নশামুক্ত যুৱ, বিকশিত ভাৰত’ অভিযানক অধিক শক্তিশালী কৰি দেশৰ যুৱসমাজক নিচামুক্ত কৰাৰ বাবে সৃষ্টিশীল পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।

অনুষ্ঠানত মুম্বাইৰ কৃষ্ণা শেশাদ্ৰীয়ে প্ৰযুক্তিৰ সহায়ত ভাৰতীয় ইতিহাসক সহজ আৰু আকৰ্ষণীয়ভাৱে উপস্থাপনৰ বাবে নিৰ্মাণ কৰা BharatRajya ৱেবছাইটৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। চোলা, পল্লৱ, কাশ্মীৰৰ কৰ্কোট আৰু অসমৰ আহোম সাম্ৰাজ্যৰ দৰে ঐতিহাসিক অধ্যায়সমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াসকো তেওঁ প্ৰশংসা কৰে।

মোদীয়ে ‘PM SVANidhi’ আঁচনিৰ জৰিয়তে দেশৰ লাখ লাখ মহিলা পথ ব্যৱসায়ীয়ে লাভ কৰা সহায়ৰ কথাও উল্লেখ কৰে। লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, অমৰনাথ যাত্ৰাত আৱৰ্জনা ব্যৱস্থাপনা আৰু সমাজৰ স্বেচ্ছামূলক উদ্যোগৰ প্ৰশংসা কৰে।

নাগালেণ্ডৰ ভেছালু পুৰোৰ ফুল খেতি, ওড়িশাৰ ডেব্ৰিগড়ত মহিলাসকলৰ বন সংৰক্ষণ, আৰু কৃষকৰ মাজত এভোকাডো খেতিৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহৰ কথাও ‘মন কী বাত’ত উল্লেখ কৰে।

ইফালে, ‘Mission ShaktiSAT’ৰ জৰিয়তে ১০৮খন দেশৰ ১২ হাজাৰ ছাত্ৰীক উপগ্ৰহ প্ৰযুক্তিৰ জ্ঞান প্ৰদানৰ উদ্যোগক প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে প্ৰশংসা কৰে। আগন্তুক ৩ ছেপ্টেম্বৰত মহানায়ক উত্তম কুমাৰৰ জন্মশতবাৰ্ষিকীত তেওঁ কিংবদন্তি অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আগন্তুক উৎসৱসমূহৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক **‘ভোকেল ফৰ লোকেল’**ৰ বাৰ্তা পুনৰ দোহাৰি ভাৰতত নিৰ্মিত সামগ্ৰী ক্ৰয় আৰু ব্যৱহাৰৰ বাবে আহ্বান জনায়।

Tags

Post a Comment

0Comments

Post a Comment (0)