তেতেলিয়াত ৭জনৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ ঘটনাস্থলী পৰিদৰ্শন
মৃতকৰ পৰিয়াললৈ ৫ লাখকৈ আৰ্থিক সাহায্য, দোষীক আইনৰ আওতালৈ অনাৰ ঘোষণা
গুৱাহাটী, ৩১ আগষ্ট: দেওবাৰে সন্ধিয়া খেত্ৰীস্থিত তেতেলিয়াত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাস্থলী আজি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰেভেলাৰ আৰু বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সাতজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।
ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে নিহত প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন আহতসকলৰ বিনামূলীয়া চিকিৎসাৰো ব্যৱস্থা কৰাৰ কথা তেওঁ জনায়।
প্ৰাথমিক আৰক্ষী তদন্তত ঘাইপথৰ গাঁতৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কথা পোহৰলৈ অহা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ঘাইপথ আৰু সংলগ্ন ছাৰ্ভিচ ৰোডৰ ক্ষতিগ্ৰস্ত অংশ শীঘ্ৰে মেৰামতি কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে তদন্তত যিকোনো লোক দোষী সাব্যস্ত হ’লে তেওঁলোকক আইনৰ আওতালৈ অনা হ’ব। পুনৰ এনে দুৰ্ঘটনা সংঘটিত নহ’বলৈ চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ আশ্বাস দিয়ে।
