কামৰূপত পানী-অনাময় আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা, DCৰ কঠোৰ নিৰ্দেশ...

Public Talks
0

 


আঁচনি ৰূপায়ণত পলম ৰোধৰ বাবে আন্তঃবিভাগীয় সমন্বয়ত গুৰুত্ব DCৰ

আমিনগাঁও, ৩১ আগষ্ট: কামৰূপ জিলাত জল যোগান আৰু অনাময় আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত সোমবাৰে পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত সংহত DC কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত বিভিন্ন আঁচনিৰ বাধা-বিঘিনি দূৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।


বৈঠকত ব্লকভিত্তিক পাইপযোগে খোৱাপানী যোগান আঁচনি, অচল জল যোগান প্ৰকল্প পুনৰ কাৰ্যক্ষম কৰা আৰু স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্য পূৰণৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। অচল আঁচনিসমূহ চিনাক্ত কৰি তাৎক্ষণিকভাৱে ক্ষেত্ৰভিত্তিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ PHE বিভাগৰ অভিযন্তা আৰু সংশ্লিষ্ট বিষয়াসকলক DCয়ে নিৰ্দেশ দিয়ে।

আঁচনি ৰূপায়ণত পলম ৰোধ কৰিবলৈ সকলো বিভাগৰ মাজত অধিক সমন্বয় আৰু সহযোগিতা নিশ্চিত কৰাৰ বাবেও তেওঁ আহ্বান জনায়। বৈঠকত জিলা পৰিষদৰ CEO সিদ্ধাৰ্থ গোস্বামী, ADC (PHE) মনিকা বৰগোহাঁইসহ PHE বিভাগৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

Tags

Post a Comment

0Comments

Post a Comment (0)