কলেজৰ উপহাসক নেওচি UPSCত ৫০সংখ্যক স্থান, IAS সুৰভি গৌতমৰ অনুপ্ৰেৰণাদায়ক কাহিনী
ইংৰাজী ভাষাত দুৰ্বল হোৱাৰ বাবে কলেজীয়া জীৱনত উপহাসৰ সন্মুখীন হৈছিল সুৰভি গৌতম। কিন্তু সেই উপহাসকেই প্ৰেৰণাৰ শক্তিলৈ পৰিণত কৰি কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়িছিল তেওঁ।
ইংৰাজী ভাষা কেতিয়াও তেওঁৰ সফলতাৰ পথত হেঙাৰ হৈ নাথাকিল। ISRO, BARC আৰু IES পৰীক্ষাতো সফলতা অৰ্জন কৰাৰ পাছত ২০১৬ চনৰ UPSC পৰীক্ষাত সমগ্ৰ দেশৰ ভিতৰত ৫০সংখ্যক স্থান লাভ কৰি IAS বিষয়া হিচাপে নিৰ্বাচিত হয় সুৰভি গৌতম।
তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰে— ভাষা নহয়, আত্মবিশ্বাস, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেই সফলতাৰ মূল চাবিকাঠি।
