মাজুলীত স্বাস্থ্যসেৱাৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে
চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্য সূচকৰ পৰ্যালোচনা, সমস্যাসমূহ শীঘ্ৰে সমাধানৰ আশ্বাস
মাজুলী, ২৭ আগষ্ট: অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে আজি মাজুলী ভ্ৰমণ কৰি জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্যসেৱা আৰু আন্তঃগাঁথনিৰ বুজ লয়।
মন্ত্ৰীগৰাকীয়ে শ্ৰীৰাম চাপৰিস্থিত ৫০খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় আৰু শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু অভিভাৱকৰ সৈতে মত-বিনিময় কৰে। চিকিৎসালয়সমূহৰ সমস্যা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত হৈ সেইসমূহ শীঘ্ৰে সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে।
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰি সেৱা আগবঢ়ায় আৰু ৰাজ্যবাসীৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে।
দিনটোৰ কাৰ্যসূচীৰ অংশ হিচাপে জিলা আয়ুক্ত কাৰ্যালয়ত মাজুলীৰ বিভিন্ন স্বাস্থ্য সূচক আৰু স্বাস্থ্য কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। মাজুলীবাসীক জিলাখনতে উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদান কৰাটো চৰকাৰৰ অন্যতম লক্ষ্য বুলি তেওঁ উল্লেখ কৰে।
কাৰ্যসূচীত মাজুলীৰ বিধায়ক ভুৱন গামসহ স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।
