বড়ো ভাষাৰ প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ
গুৱাহাটীঃ বড়ো ভাষা অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ এক অপৰিহাৰ্য অংগ। অসমৰ প্ৰাচীন সভ্যতাৰ সৌন্দৰ্য, শক্তি আৰু বৈচিত্ৰ্য বহন কৰি আহিছে বড়ো ভাষাই। এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
সামাজিক মাধ্যমৰ এক্স (X) হেণ্ডেলযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বড়ো ভাষা অসমৰ সাংস্কৃতিক পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ। এই ভাষাৰ প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে অসম চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আহিছে।
তেওঁ লগতে উল্লেখ কৰে যে বড়ো ভাষাক উচিত মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত অসম বিধানসভায়ো আগন্তুক দিনত কাম কৰি যাব। অসমৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্য অক্ষুণ্ণ ৰখাৰ লগতে বড়ো ভাষাৰ ঐতিহ্য সংৰক্ষণ কৰাটো চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যত প্ৰতিফলিত হৈছে।
