শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱা অসমবাসীৰ বাবে হ’ব বিশেষ সহায়ক
অসমবাসীৰ বাবে এক সুখবৰ। কৰ্ণাটকৰ বাংগালুৰুত ৭১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ছমহলীয়া অসম ভৱনটো মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বাংগালুৰুৰ ভীমানাকুপ্পী অঞ্চলত নিৰ্মাণ কৰা এই ভৱনটোৱে শিক্ষা আৰু চিকিৎসাৰ লগতে বিভিন্ন প্ৰয়োজনত বাংগালুৰুলৈ যোৱা অসমৰ লোকসকলক বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে।
নতুনকৈ মুকলি কৰা অসম ভৱনটোত ভিভিআইপি ছুইটৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকৰ বাবে প্ৰয়োজনীয় সা-সুবিধাসম্পন্ন কোঠালৈকে বিভিন্ন শ্ৰেণীৰ থকাৰ ব্যৱস্থা কৰা হৈছে। বিশেষকৈ উন্নত চিকিৎসাৰ বাবে বাংগালুৰুলৈ যোৱা ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ লগতে উচ্চশিক্ষাৰ বাবে যোৱা শিক্ষাৰ্থীসকলৰ বাবেও এই ভৱনটো উপযোগী হ’ব বুলি আশা কৰা হৈছে।
ইফালে, অসমৰ বাহিৰত অসমবাসীৰ বাবে থকা-খোৱাৰ সুবিধা সম্প্ৰসাৰণৰ লক্ষ্যৰে আন কেইবাখনো চহৰত অসম ভৱন নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ দ্বাৰিকাত আন এটা অসম ভৱন মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ উপৰি মুম্বাইত আন এটা অসম ভৱন নিৰ্মাণৰ কামৰ পদক্ষেপ আৰম্ভ কৰা হৈছে। একেদৰে আহমেদাবাদ, গয়া আৰু পুনেতো অসম ভৱন নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
ৰাজ্যৰ বাহিৰত শিক্ষা, চিকিৎসা আৰু অন্যান্য প্ৰয়োজনত যোৱা অসমবাসীয়ে যাতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই পদক্ষেপসমূহে বহিঃৰাজ্যত থকা অসমবাসীৰ বাবে সহায়ক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
