পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা জিলা সভাপতি আগষ্টিং ইংহিৰ পদত্যাগ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ

Public Talks
0


পশ্চিম কাৰ্বি আংলং:
পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত সৃষ্টি হৈছে পদত্যাগৰ ধুমুহা। জিলাখনৰ কংগ্ৰেছৰ সভাপতি আগষ্টিং ইংহিয়ে নিজৰ পদৰ লগতে দলটোৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিছে। এই সন্দৰ্ভত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰিছে।

জিলা কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ থকা আগষ্টিং ইংহিৰ এই পদত্যাগে জিলাখনৰ কংগ্ৰেছৰ ৰাজনৈতিক মহলত চৰ্চাৰ সৃষ্টি কৰিছে।

অৱশ্যে, তেওঁ কিয় পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো কাৰণ ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাই। তেওঁৰ পদত্যাগৰ আঁৰৰ প্ৰকৃত কাৰণক লৈও স্পষ্টতা লাভ কৰা হোৱা নাই।

আগষ্টিং ইংহিৰ এই সিদ্ধান্তৰ পাছত পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ পৰৱৰ্তী সাংগঠনিক স্থিতি কি হ’ব, সেয়া লক্ষণীয় হ’ব।

Tags

Post a Comment

0Comments

Post a Comment (0)