যুৱ সমাজৰ মাজত দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় দায়বদ্ধতা বৃদ্ধিৰ পদক্ষেপক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ অসমৰ ৰাজ্যপালৰ

Public Talks
0


গুৱাহাটী, ২২ অক্টোবৰ: অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি বিজয়া দশমীৰ শুভেচ্ছা জনোৱাৰ লগতে জন্মদিনৰ শুভকামনা জ্ঞাপন কৰে।

সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে লোকভৱন, অসমৰ উদ্যোগত যুৱ প্ৰজন্মৰ মাজত দেশপ্ৰেম, ৰাষ্ট্ৰীয় দায়বদ্ধতা আৰু ‘ৰাষ্ট্ৰ প্ৰথম’ৰ মনোভাৱ গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। লগতে ‘নশামুক্ত ভাৰত’ অভিযানৰ অধীনত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ ৰোধৰ বাবে গ্ৰহণ কৰা সজাগতামূলক কাৰ্যসূচীসমূহৰ বিষয়েও আলোচনা কৰে।

ইয়াৰ উপৰি ‘নমো মাতৃভূমি: ৰাষ্ট্ৰীয় সুৰক্ষা আৰু স্বাৱলম্বন সংকল্প সপ্তাহ’ৰ জৰিয়তে যুৱ সমাজৰ মাজত ৰাষ্ট্ৰীয় নিৰাপত্তা, আত্মনিৰ্ভৰশীলতা আৰু দেশৰ প্ৰতি কৰ্তব্যবোধ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই পদক্ষেপসমূহৰ প্ৰসাৰ আৰু জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধিৰ ক্ষেত্ৰত ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দিহা-পৰামৰ্শ বিচাৰে।

Tags

Post a Comment

0Comments

Post a Comment (0)