গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ পাছতো দলটোক আক্ৰমণ অব্যাহত ৰাখিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কংগ্ৰেছৰ তিনিগৰাকী নেতা—ৰকিবুল হুছেইন, ৰিপুণ বৰা আৰু ৱাজেদ আলী চৌধুৰীক তীব্ৰ সমালোচনা কৰি অখিল গগৈয়ে তেওঁলোকক ‘ৰিজেক্টেড’ নেতা বুলি মন্তব্য কৰে।
অখিল গগৈৰ অভিযোগ, ৰকিবুল হুছেইন, ৰিপুণ বৰা আৰু ৱাজেদ আলী চৌধুৰী দলত থকালৈকে কংগ্ৰেছ অসমত ক্ষমতালৈ আহিব নোৱাৰে। বিশেষকৈ ৰকিবুল হুছেইনক লক্ষ্য কৰি তেওঁ কয় যে কাজিৰঙাৰ বিভিন্ন ‘কু-কৰ্ম’ৰ সৈতে তেওঁৰ সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন হৈ আহিছে।
তেওঁ লগতে দাবী কৰে যে উজনি অসমৰ জনসাধাৰণে ৰকিবুল হুছেইনৰ দৰে নেতাক গ্ৰহণ নকৰে। কংগ্ৰেছক ‘গেলা পাৰ্টী’ আৰু ‘দুৰ্নীতিগ্ৰস্তৰ দল’ বুলিও অখিল গগৈয়ে তীব্ৰ সমালোচনা কৰে।
মিত্ৰতা ভংগৰ পাছতো কংগ্ৰেছক লৈ অখিল গগৈৰ আক্ৰমণাত্মক মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
