দেশৰ আঠখন উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ নিযুক্তি...

Public Talks
0


কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছত কলিকতা উচ্চ ন্যায়ালয়কে ধৰি আঠখন উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তিৰ তালিকা প্ৰকাশ কৰা হৈছে। এই তালিকা অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বল্লুৰি কামেশ্বৰ ৰাওক পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে;বম্বে উচ্চ ন্যায়ালয়ৰ ৰবীন্দ্ৰ ভি ঘুগেক কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে; ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ আগৰৱালাক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে;এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মহেশ চন্দ্ৰ ত্ৰিপাঠীক বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ;পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অশ্বিনী কুমাৰ মিশ্ৰক পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়তেই মুখ্য ন্যায়াধীশ হিচাপে ; উৰিষ্যা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ  কৃষ্ণ ৰাম মহপাত্ৰক ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে; গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আলপেশ য়েছৱন্ত ৰন্ধনক  মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে আৰু   ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পুষ্পেন্দ্ৰ সিং ভাটি ক জম্মু কাশ্মীৰ আৰু  আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।


Post a Comment

0Comments

Post a Comment (0)