কালীগঞ্জ (শ্ৰীভূমি), ২৬ছেপ্টেম্বৰ : বৃহস্পতিবাৰে মহিমা ফাউণ্ডেশনৰ কাৰ্যালয় পৰিদৰ্শন কৰে আলগাপুৰ-কাটলিছড়া বিধানসভা সমষ্টিৰ বিধায়ক জুবাইৰ এনাম মজুমদাৰে। বাৰইগ্ৰামৰ চেৰাগি বজাৰত অৱস্থিত ফাউণ্ডেশনৰ কাৰ্যালয়ত তেওঁৰ এই পৰিদৰ্শনকালত তেওঁক উষ্ম আদৰণি জনাই সন্মাননা স্মাৰক প্ৰদান কৰে ফাউণ্ডেশনৰ বিষয়ববীয়াসকলে।
এই সময়ত তেওঁক ফুলৰ থোপা আৰু ঐতিহ্যবাহী গামোচা পিন্ধাই সন্মান জনোৱা হয় আৰু ফ্ৰেমত বন্ধোৱা এটা বিশেষ ‘সন্মাননা স্মাৰক’ তুলি দিয়া হয়। ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি যুৱ নেতৃত্বৰ বিভিন্ন পৰ্যায় অতিক্ৰম কৰি এজন তৰুণ জনপ্ৰতিনিধি হিচাপে তেওঁৰ ৰাজনৈতিক পথচলা, নিষ্ঠা, অধ্যৱসায় আৰু জনসেৱাৰ প্ৰতি থকা অংগীকাৰৰ স্বীকৃতি স্বৰূপে এই সন্মাননা প্ৰদান কৰা হয়। সন্মাননা পত্ৰত তেওঁৰ এই দীৰ্ঘ পথচলাক তৰুণ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰি জনসেৱাত তেওঁৰ আগন্তুক দিনৰ সাফল্য আৰু অৰ্থপূৰ্ণ অৱদানৰ বাবে শুভকামনা জনোৱা হয়।
পৰিদৰ্শনকালত মহিমা ফাউণ্ডেশনৰ বিভিন্ন সামাজিক আৰু জনকল্যাণমূলক কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে বিধায়ক জুবাইৰ এনাম মজুমদাৰে। বিশেষকৈ নিচামুক্ত সমাজ গঠনত ফাউণ্ডেশনৰ উদ্যোগ আৰু ভূমিকাৰ প্ৰশংসা কৰি তেওঁ এনে কামত সমাজৰ সৰ্বস্তৰৰ লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
নিচামুক্ত সমাজ গঠনৰ বিষয়ে নিজৰ মতামত ব্যক্ত কৰি বিধায়কে কয়, এই লক্ষ্য অৰ্জনৰ বাবে সামাজিক সজাগতাৰ লগতে চৰকাৰেও অধিক কঠোৰ নজৰদাৰী চলাব লাগিব। তেওঁ ৰাজ্যজুৰি নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায় আৰু চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ এটা বিশেষ টাস্ক ফ’ৰ্চ গঠনৰ প্ৰয়োজনীয়তাৰ কথা তুলি ধৰে। তেওঁৰ মতে, এই বিশেষ বাহিনীৰ জৰিয়তে গোটেই ৰাজ্যৰ পৰিস্থিতি নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰা আৰু অবৈধ নিচাযুক্ত দ্ৰব্যৰ যোগানৰ পথসমূহ চিনাক্ত কৰি যথাযথ ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী। বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলসমূহত যিবোৰ পথেৰে এই অবৈধ ব্যৱসায় চলি আছে, সেইবোৰৰ ওপৰত বিশেষ নজৰদাৰী আৰু কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
বিধায়কে আৰু কয়, সম্মিলিত প্ৰচেষ্টা, যথাযথ নজৰদাৰী আৰু কাৰ্যকৰী চৰকাৰী পদক্ষেপৰ মাধ্যমেৰেহে এখন নিচামুক্ত ৰাজ্য গঢ়ি তোলা সম্ভৱ। এই ক্ষেত্ৰত সামাজিক সংগঠনসমূহৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে।
বিধায়কক সন্মাননা জনোৱাৰ সময়ত মহিমা ফাউণ্ডেশনৰ ফালৰ পৰা উপস্থিত আছিল সহ-সভাপতি চাজাৰ হোসেন, সম্পাদক চুহাইল আহমেদ, কোষাধ্যক্ষ সুবিৰ নাথ, বিশিষ্ট ব্যৱসায়ী নিজাম উদ্দিন আৰু সমাজকৰ্মী শ্বামীম আহমেদ তাপাদাৰ প্ৰমুখ।
বিধায়কৰ এই পৰিদৰ্শনকালত তেওঁৰ লগত আছিল তৰুণ সমাজকৰ্মী নিজাম উদ্দিন, কামৰুল ইছলাম খান, নাছিৰ উদ্দিন, মিনহাজ আহমেদ আৰু হোসেন আহমেদ প্ৰমুখ।
