ৰাণীত কাতি বিহুত পথাৰত আকাশবন্তি প্ৰজ্বলন কৃষি মন্ত্ৰী পীযুষ হাজৰীকাৰ

Public Talks
0


ৰাণী, ১৮ অক্টোবৰ: কামৰূপ জিলাৰ ৰাণীৰ কহাৰপাৰাত অনুষ্ঠিত কাতি বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ধাননি পথাৰত শ্ৰদ্ধাৰে আকাশবন্তি প্ৰজ্বলন কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কৃষকসকলক একক খেতিৰ পৰিৱৰ্তে বছৰত দুটা বা তিনিটা খেতি কৰাৰ লগতে উদ্যান শস্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে মাকৈ, মাখানা, তৈল খেজুৰ, আদা, তিল, লিচু আৰু ড্ৰাগন ফলৰ খেতি সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কৃষি বিভাগে এই শস্যসমূহৰ পুলি কৃষকসকলৰ মাজত বিতৰণ কৰিব।

লগতে ৰাজ্যত কৃষক পঞ্জীয়নৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে সকলো কৃষককে স্বতঃস্ফূৰ্তভাৱে পঞ্জীয়ন কৰিবলৈও মন্ত্ৰী হাজৰীকাই আহ্বান জনায়।

Tags

Post a Comment

0Comments

Post a Comment (0)