ৰাজ্যৰ পণ্যাগাৰ আৰু শীতলীকৰণ ভঁৰালসমূহক আধুনিকীকৰণ কৰাৰ ওপৰত মুখ্যমন্ত্ৰীৰ গুৰুত্ব

Public Talks
0


মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে লোকসেৱা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম-কাজৰ পৰ্যালোচনা কৰে আৰু দুয়োটা ৰাজ্যিক সংস্থাক অধিক দক্ষ, আর্থিকভাৱে বহনক্ষম আৰু বৰ্তমানৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাব পৰা কৰি তুলিব পৰাকৈ ইয়াৰ আধুনিকীকৰণ, সম্পত্তিৰ সৰ্বোত্তম ব্যৱহাৰ, ব্যৱসায়ৰ বৈচিত্র্যকৰণ আৰু ৰাজহ বৃদ্ধিৰ দিশত নতুনকৈ প্রয়াস কৰিবলৈ আহ্বান জনায়।


অসম ৰাজ্যিক পৰিবহণ নিগমৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ইয়াৰ বিষয়া-কৰ্মচাৰীৰ সংখ্যা, বাহনৰ সংখ্যা, সম্পত্তিসমূহ, সেইবোৰৰ ব্যৱহাৰ, বিত্তীয় অৱস্থা, ৰাজহৰ উৎস আৰু নিগমটোক শক্তিশালী তথা আধুনিকীকৰণৰ বাবে ভৱিষ্যতৰ পদক্ষেপকে ধৰি মূল পৰিচালনামূলক আৰু বিত্তীয় দিশসমূহৰ বিতং বুজ লয়।

পৰিবহণ মন্ত্ৰী চৰণ বড়োও উপস্থিত থকা এই বৈঠকত মুখ্যমন্ত্রীয়ে পৰিবহণ নিগম কর্তৃপক্ষক নিগমটো

যাতে আর্থিকভাৱে অধিক সৱল আৰু আত্মনিৰ্ভৰশীল হৈ উঠে তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিকাশ আৰু ব্যৱসায়

বৈচিত্র্যকৰণৰ নতুন পথ অন্বেষণ কৰিবলৈ আহ্বান জনায়। ড° শর্মাই নিগমৰ ব্যৱসায়িক কাৰ্যকলাপৰ বৈচিত্র্যকৰণ আৰু নতুন ব্যৱসায়িক দিশ অন্বেষণ কৰা, নিগমৰ হাতত সম্পত্তিৰ মালিকানা বৰ্তাই ৰাখি বৰ্তমানৰ সম্পত্তিসমূহৰ পৰা ধন উপাৰ্জন কৰা, কৰ্প'ৰেট প্রতিষ্ঠান আৰু অন্যান্য সংস্থাসমূহলৈ নিগমৰ বাহন আৰু পৰিবহণ সেৱা আগবঢ়োৱাকে ধৰি কৰ্প'ৰেট ব্যৱসায়ৰ সুযোগ সম্প্ৰসাৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে পৰিবহণ নিগম কর্তৃপক্ষক ৰাজহ সৃষ্টিকাৰী কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ আৰু বৰ্তমানৰ সম্পদসমূহৰ অধিক কার্যক্ষম ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে নিগমৰ দীৰ্ঘম্যাদী বিত্তীয় বহনক্ষমতা শক্তিশালী কৰাৰ বাবে উদ্ভাৱনীমূলক পথ চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ এক দক্ষ, আধুনিক আৰু আৰ্থিকভাৱে বহনক্ষম ৰাজহুৱা পৰিবহণ সংস্থা হিচাপে আত্মপ্রকাশ কৰাৰ অপৰিসীম সম্ভাৱনা আছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে নিগমটোরে নতুন লক্ষ্য আৰু গতিৰে আগবাঢ়ি যাবলৈ উদ্ভাবন, বৈচিত্র্যকৰণ আৰু ইয়াৰ বৰ্তমানৰ শক্তিৰ সম্ভাৱনীয়তাক উপযুক্ত ৰূপত কামত লগাব লাগিব।

লোকসেৱা ভৱনত অনুষ্ঠিত আন এখন বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম-কাজৰ পৰ্যালোচনা কৰে আৰু ৰাজ্যজুৰি থকা ইয়াৰ গুদাম বা পণ্যাগাৰসমূহৰ আন্তঃগাঁথনি আৰু বৰ্তমানৰ অৱস্থাৰ বুজ লয়।

মুখ্যমন্ত্ৰীয়ে নিগমৰ বৰ্তমানৰ গুদাম আৰু শীতলীকৰণ ভঁৰালসমূহৰ ক্ষমতা, এইসমূহৰ অৱস্থা আৰু ব্যৱহাৰ, আন্তঃগাঁথনিৰ অভাৱ, পৰিচালনগত প্রত্যাহ্বান আৰু বৰ্তমানৰ প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সেৱাসমূহ শক্তিশালী কৰাৰ সুযোগৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে বর্তমান অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ সমগ্ৰ ৰাজ্যতে মুঠ ২.৬১ লাখ মেট্রিকটন সামগ্রী মজুত ৰখাৰ ক্ষমতা আছে।

ড° শৰ্মাই পণ্যাগাৰ নিগমক আধুনিক গুদামঘৰৰ মান মানি চলাৰ লগতে ক্ষমতা, দক্ষতা, আন্তঃগাঁথনিৰ মান উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ গুদাম আৰু শীতলীকৰণ ভঁৰালসমূহৰ উপযুক্ত মেৰামতি আৰু উন্নীতকৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে।

কৃষি সামগ্ৰী সুৰক্ষিত কৰা, শস্য চপোৱাৰ পিছত হোৱা ক্ষতি হ্রাস কৰা আৰু অসমৰ যোগান শৃংখলৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এক শক্তিশালী আৰু আধুনিক পণ্যাগাৰ নেটৱৰ্ক অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিগমৰ আন্তঃগাঁথনিক অধিক প্রতিযোগিতামূলক আৰু নতুন প্রয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাব পৰা কৰি তোলাৰ উদ্দেশ্যে একাগ্ৰতাৰে প্ৰয়াস কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে নিগমৰ সমস্যাপূর্ণ বিষয়সমূহ সমাধানৰ ক্ষেত্ৰত সকলো প্রয়োজনীয় চৰকাৰী সাহায্যৰ আশ্বাস দিয়ে আৰু অসমৰ বাবে এক আধুনিক, দক্ষ আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত পণ্যাগাৰ ব্যৱস্থা গঢ়ি তোলাৰ দিশত নতন লক্ষাৰে কাম কৰিবলৈ কর্তৃপক্ষক নির্দেশ দিয়ে।
এই বৈঠকত অন্যান্য বিষয়াৰ লগতে মুখ্য মন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদীও উপস্থিত আছিল ।
Tags

Post a Comment

0Comments

Post a Comment (0)