নতুন দিল্লী, ৭ ছেপ্টেম্বৰঃ বিশ্বৰ সৰ্ববৃহৎ কেঁচা মৰাপাট উৎপাদক হিচাপে ভাৰতৰ মৰাপাটে বহনক্ষম জীৱিকা আৰু পৰিৱেশবান্ধৱ উদ্যোগক শক্তিশালী কৰি তুলিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশত ৭৬ লাখ বেল কেঁচা মৰাপাট আৰু ১২.৮০ লাখ মেট্ৰিক টন মৰাপাটজাত সামগ্ৰী উৎপাদন হৈছে। একে সময়তে ৩,১৫৫ কোটি টকাৰো অধিক মূল্যৰ মৰাপাটজাত সামগ্ৰী ৰপ্তানি কৰা হয়।
চৰকাৰৰ নীতি-পদক্ষেপ, ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি, মৰাপাট জিঅ’টেক্সটাইলৰ প্ৰসাৰ আৰু ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰে খণ্ডটোৰ উন্নয়নত নতুন গতি আনিছে। ২০২৬-২৭ বিত্তীয় বৰ্ষত কেঁচা মৰাপাটৰ MSP প্ৰতি কুইণ্টলত ৫,৯২৫ টকা নিৰ্ধাৰণ কৰা হৈছে।
মৰাপাটৰ জৈৱ-বিয়োজ্য আৰু পুনঃব্যৱহাৰযোগ্য গুণে প্লাষ্টিকৰ বিকল্প হিচাপে ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিছে। কৃষক, শ্ৰমিক, কাৰিকৰ আৰু উদ্যোগীৰ জীৱিকাৰ সৈতে জড়িত এই ‘সোণালী আঁহ’ ভাৰতৰ সেউজ আৰু বহনক্ষম অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ উঠিছে।
