কাছাৰ জিলাত ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতাঃ ২.৩০ লাখ য়াবা সহ ১জনক গ্ৰেপ্তাৰ...

Public Talks
0


৯ ছেপ্টেম্বৰ: কাছাৰ আৰক্ষীয়ে  লক্ষ্মীপুৰত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ সফলতা অৰ্জন কৰে। এক  গোপন সূত্ৰৰ ভিত্তিত বৃহৎ পৰিমাণৰ ইয়াবা টেবলেটসহ গ্ৰেপ্তাৰ কৰা হয় এজন যুৱকক। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, লক্ষ্মীপুৰ থানাৰ অন্তৰ্গত বাঁশকান্দি আউটপোষ্ট এলেকাৰ শিবপুৰত এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল। এই অভিযানত উদ্ধাৰ হৈছে ২.৩০ লাখ ইয়াবা টেবলেট। এই ঘটনাত সাহিল হুছেইন চৌধুৰী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, তেওঁ বাঁশকান্দি আউটপোষ্ট এলেকাৰ ৰ গোবিন্দপুৰৰ বাসিন্দা। আৰক্ষীৰ মতে উদ্ধাৰ হোৱা য়াবাৰ আনুমানিক বজাৰ মূল্য হব প্ৰায় ২৩ কোটি টকা। এই ঘটনাত আৰু কোনো লোক জড়িত আছে নে নাই সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)