শিলং, ১১ ছেপ্টেম্বৰ: পশ্চিম খাছি পাহাৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী তিনিখন গাঁৱৰ বাসিন্দাক অসমৰ লোকপিয়লত নাম অন্তৰ্ভুক্ত কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰামব্ৰাই-জিৰংগামৰ এমডিচি লুৰশ্বাই খাৰবানীয়ে। বিষয়টোত শীঘ্ৰে চৰকাৰী হস্তক্ষেপৰ দাবী জনাইছে তেওঁ।
বুধবাৰে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী তথা ভাৰপ্ৰাপ্ত গৃহমন্ত্ৰী প্ৰেষ্টন টাইনছঙক সাক্ষাৎ কৰি খাৰবানীয়ে কয় যে লংপিহ অঞ্চলৰ কামাডুলি, নোয়াপাৰা আৰু বাংজেন গাঁৱৰ বাসিন্দাসকলে এই সমস্যাৰ সন্মুখীন হৈছে। অসমৰ পৰা অহা লোকসকলে বাসিন্দাসকলক অসমৰ লোকপিয়লত নামভৰ্তিৰ বাবে হেঁচা দিয়াৰ লগতে অসমৰ চৰকাৰী জোৱানে অঞ্চলটোলৈ সঘনাই আহি হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰে তেওঁ।
খাৰবানীয়ে জানিবলৈ দিয়া মতে, তেওঁ ইতিমধ্যে পশ্চিম খাছি পাহাৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতেও বিষয়টো আলোচনা কৰিছে। অঞ্চলটোত বাসিন্দাসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অস্থায়ী আৰক্ষী শিবিৰ বা আউটপোষ্ট স্থাপনৰ দাবী জনাইছে তেওঁ।
ইয়াৰ প্ৰতিক্ৰিয়াত উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙে বিষয়টো অসম চৰকাৰৰ মুখ্য সচিবৰ সৈতে আলোচনা কৰাৰ আশ্বাস দিয়ে। দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান নহ’লে চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰিব বুলিও তেওঁ উল্লেখ কৰে।
প্ৰয়োজন সাপেক্ষে বিষয়টো মন্ত্ৰী পৰ্যায়ৰ পৰা মুখ্যমন্ত্ৰী পৰ্যায়লৈ উন্নীত কৰা হ’ব বুলি টাইনছঙে জানিবলৈ দিয়ে। অস্থায়ী আৰক্ষী শিবিৰ স্থাপনৰ দাবীও চৰকাৰে পৰীক্ষা কৰিব বুলি তেওঁ আশ্বাস দিয়ে।
