বঙাইগাঁও, ১৪ আগষ্ট: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ প্ৰচাৰ আৰু সাংস্কৃতিক শাখাৰ লগতে পশ্চিম অভয়াপুৰী প্ৰাথমিক শাখাৰ প্ৰাক্তন সভাপতি-সম্পাদক প্ৰয়াত সেনাপতি ডেকা বাপৰ প্ৰথম মৃত্যু বাৰ্ষিকী আজি পালন কৰা হয়।

এই উপলক্ষে প্ৰয়াত ডেকা বাপৰ বাসভৱনত পুৱাৰে পৰা নাম-প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠিত হয়।

নাম-প্ৰসংগৰ আগধৰে গোপীনাথ ৰায় বাপে আৰু ভাগৱত পাঠ কৰে ভৱনন্দ ৰায় বাপে।

অনুষ্ঠানত বঙাইগাঁও জিলা শাখাৰ লগতে অভয়াপুৰী আৰু সৃজনগ্ৰাম আঞ্চলিক শাখাৰ শৰণ সদস্য ভৱেশ্বৰ ৰায় বাপ, উপ-সভাপতি অমৃত গগৈ বাপ, আঞ্চলিক সম্পাদক মাণিক দাস বাপ, জিলা প্ৰচাৰ শাখাৰ সভানেত্ৰী কামিনী বৰ্মন আইসহ শতাধিক বাপ-বান্ধৱ আৰু আই-মাতৃ উপস্থিত থাকে।

বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপ’ৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
.jpg)