শিলচৰত ‘খেলেগা ভাৰত, জিতেগা ভাৰত’ কাৰ্যসূচী...

Public Talks
0

 


শিলচৰ, ২৬ আগষ্ট: কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ জন্ম বাৰ্ষিকী উপলক্ষে ২৮ৰ পৰা ৩০ আগষ্টলৈ শিলচৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ উদ্যোগত ‘খেলেগা ভাৰত, জিতেগা ভাৰত’ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

২৮ আগষ্টত স্বাস্থ্য সজাগতা শিবিৰৰ জৰিয়তে সুস্থ জীৱন-যাপন, শাৰীৰিক ব্যায়াম আৰু ক্ৰীড়াৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা হ’ব। ২৯ আগষ্ট সন্ধিয়া ৭ বজাত শিলচৰ ফুটবল একাডেমীৰ খেলপথাৰত ফ্লাডলাইট ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব, য’ত ছটা দলে অংশগ্ৰহণ কৰিব।

৩০ আগষ্ট পুৱা ৬ বজাত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ পৰা চাইকেল ৰেলী উলিয়াব। আশ্ৰম ৰোড, ৰংগিৰখাৰী, হাস্পতাল ৰোড, প্ৰেমতলা, জিলা আয়ুক্তৰ কাৰ্যালয়, ট্ৰাংক ৰোড হৈ ৰেলীখন ইণ্ডিয়া ক্লাবৰ মাজেৰে মিছনত সামৰণি পৰিব।

‘খেলেগা ভাৰত, জিতেগা ভাৰত’ বাৰ্তাৰে অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে বিশেষকৈ নৱপ্ৰজন্মৰ মাজত ক্ৰীড়া, শাৰীৰিক ব্যায়াম আৰু সুস্থ-অনুশাসিত জীৱনশৈলীৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।

Post a Comment

0Comments

Post a Comment (0)