হোজাই আৰক্ষীৰ বৃহৎ সাফল্য, প্ৰায় ৬ কেজি সন্দেহযুক্ত গাঞ্জা জব্দ...

Public Talks
0


 

হোজাই আৰক্ষীৰ বৃহৎ সাফল্য, প্ৰায় ৬ কেজি সন্দেহযুক্ত গাঞ্জা জব্দ

হোজাই: নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ আৰু এনডিপিএছজনিত অপৰাধৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ অংশ হিচাপে হোজাই থানাৰ অন্তৰ্গত এলেকাত চলোৱা এক অভিযানত এজন লোকক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত গাঞ্জা জব্দ কৰা হয়।

লামডিঙৰ CDSPৰ নেতৃত্বত হোজাই থানাৰ আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত ৫টা পেকেটত প্ৰায় ৬ কিলোগ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। ঘটনা সন্দৰ্ভত হোজাই থানাত এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

আটকাধীন লোকজনৰ সৈতে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অভিযুক্তৰ বিৰুদ্ধে আইন অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Tags

Post a Comment

0Comments

Post a Comment (0)