কাজিৰঙাৰ ভূমি আন্দোলনৰ নেতা প্ৰণৱ দলেৰ বিৰুদ্ধে আৰোপ কৰা ৰাষ্ট্ৰীয় সুৰক্ষা আইন (NSA)ৰ গোচৰ খাৰিজ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে গোচৰটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চৰ্চাই বিশেষ গুৰুত্ব লাভ কৰিছে।
উল্লেখ্য যে, যোৱা ৩০ জুলাইত প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন (NSA)ৰ অধীনত গোচৰ আৰোপ কৰা হৈছিল। ইয়াৰ পূৰ্বে ১২ জুলাইত গোলাঘাট আৰক্ষীয়ে গুৱাহাটীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিছিল।
কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল প্ৰণৱ দলেয়ে। উক্ত ভূমি অধিগ্ৰহণৰ বিৰোধিতা কৰি তেওঁ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। অৱশেষত তেওঁৰ বিৰুদ্ধে আৰোপ কৰা NSA গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে।
