উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক বিবেক খাৰেৰ কামাখ্যা–নিউ বঙাইগাঁও খণ্ড পৰিদৰ্শন, সুৰক্ষা আৰু আন্তঃগাঁথনিৰ পৰ্যালোচনা

Public Talks
0


গুৱাহাটী, ৬ নৱেম্বৰ:উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক( জেনেৰেল মেনেজাৰ)হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত  বিবেক খাৰে ই বৃহস্পতিবাৰে ৰে'লৱেৰ সুৰক্ষা, পৰিচালন দক্ষতা আৰু সামগ্ৰিক আন্তঃগাঁথনিৰ স্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কামাখ্যা–নিউ বঙাইগাঁও খণ্ড পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁৰ সৈতে ৰঙিয়া মণ্ডলৰ মণ্ডল ৰে'লৱে প্ৰবন্ধকৰ লগতে সংমণ্ডলটোৰ অন্যান্য জ্যেষ্ঠ ৰে'লৱে বিষয়াবৰ্গও উপস্থিত থাকে।

পৰিদৰ্শনকালত মহাপ্ৰবন্ধকগৰাকীয়ে ঐতিহ্যমণ্ডিত শৰাইঘাট সেতু পৰিদৰ্শন কৰাৰ লগতে কামাখ্যাৰ পৰা নিউ বঙাইগাঁওলৈ উইনডো ট্ৰেইলিং পৰ্যবেক্ষণ কৰি ৰে'লপথ, ৰেলৱে সম্পদ আৰু পথছোৱাৰ অন্যান্য আন্তঃগাঁথনিৰ স্থিতিৰ মূল্যায়ন কৰে। এই পৰিদৰ্শনত সুৰক্ষাৰ মানদণ্ড, ৰক্ষণাবেক্ষণৰ কামকাজ আৰু পৰিচালনগত প্ৰস্তুতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

শ্ৰী খাৰে এই খণ্ডৰ লেভেল ক্ৰছিং গেট নং এছ কে-১২, এছ কে-২২ আৰু বেকী নদীৰ ওপৰত থকা সেতু নং ৪৬৭-ও পৰিদৰ্শন কৰি সেইসমূহৰ ৰক্ষণাবেক্ষণৰ স্থিতি, সুৰক্ষামূলক ব্যৱস্থা আৰু পৰিচালনগত প্ৰস্তুতিৰ মূল্যায়ন কৰে। এই পৰিদৰ্শনৰ মূল লক্ষ্য আছিল সুৰক্ষিত, দক্ষ আৰু অবিৰত ৰে'ল চলাচলৰ বাবে এই গুৰুত্বপূৰ্ণ ৰে'লৱে সম্পদসমূহৰ নিৰ্ভৰযোগ্যতা অক্ষুণ্ণ ৰখা।

নলবাৰী ৰে'লৱে ষ্টেচনত মহাপ্ৰবন্ধকগৰাকীয়ে পইণ্ট আৰু ক্ৰছিংসমূহ পৰিদৰ্শন কৰি পৰিচালনগত সুৰক্ষাৰ লগতে ষ্টেচনৰ আন্তঃগাঁথনিৰ স্থিতি মূল্যায়ন কৰে। যাত্ৰীৰ সা-সুবিধা বৃদ্ধি কৰি বিভিন্ন সুবিধাৰ উন্নয়নৰ লগতে যাত্ৰীৰ বাবে উন্নত ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰাৰ লক্ষ্যেৰে তেওঁ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত নিৰ্মাণাধীন ষ্টেচনৰ পুনৰ উন্নয়নৰ কামকাজো নিৰীক্ষণ কৰে।

নিউ বঙাইগাঁৱত শ্ৰী বিবেক খাৰে ডবা পৰীক্ষণ আৰু ৰক্ষণাবেক্ষণৰ বাবে আন্তঃগাঁঠনিমূলক অত্যন্ত গুৰুত্বপূৰ্ণ পিট লাইন সুবিধাসমূহ পৰিদৰ্শন কৰে। যি ডবাৰ কাৰ্যক্ষমতা আৰু সেৱাৰ বাবে প্ৰস্তুতি নিশ্চিত কৰি তোলে। তেওঁ নিউ বঙাইগাঁৱত নৱনিৰ্মিত ক্ৰু লবীও উদ্বোধন কৰে। এই ক্ৰু লবীটো ৰে'ল চালকসকলৰ পৰিচালনগত প্ৰয়োজনীয়তা পূৰণ কৰি উন্নত সা-সুবিধা প্ৰদানেৰে সেৱাৰ দিশত উন্নত সমন্বয় সাধনেৰে  সজ্জিত কৰা হৈছে। ইয়াৰ ফলত পৰিচালন দক্ষতা অধিক বৃদ্ধি হৈ উঠিব।

এই পৰিদৰ্শনে ৰে'লৱেৰ আন্তঃগাঁথনিৰ শক্তিশালীকৰণ, সুৰক্ষাৰ মানদণ্ড উন্নতকৰণ, পৰিচালন দক্ষতা বৃদ্ধি কৰাৰ লগতে যাত্ৰী তথা ৰে'লৱেৰ কৰ্মচাৰীৰ উভয়ৰে বাবে উন্নত সা-সুবিধা প্ৰদানৰ দিশত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অবিৰত প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)