চাৰিটা পেকেট ড্ৰাগছসহ দুখন বাহন জব্দ, আৰক্ষীৰ খেদাত ব্যক্তিগত চিকিৎসালয়ত প্ৰৱেশ তিনি অভিযুক্তৰ
গুৱাহাটী মহানগৰীৰ আহোম গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই তিনিজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে SOG আৰু গড়চুক আৰক্ষীয়ে। আৰক্ষীয়ে খেদি খেদি আটক কৰে তিনিওজনকে।
প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ অভিযানৰ সময়ত তিনি অভিযুক্তই আহোম গাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ভিতৰত প্ৰৱেশ কৰি আত্মগোপনৰ চেষ্টা চলায়। অৱশ্যে আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়।
অভিযানকালত আৰক্ষীয়ে চাৰিটা পেকেট ড্ৰাগছৰ লগতে দুখন বাহন জব্দ কৰে। জব্দ কৰা বাহন দুখন হৈছে AS 01 HC 2899 নম্বৰৰ এখন মাৰুতি অল্ট' বাহন আৰু AS-25 AB-8373 নম্বৰৰ এখন এক্টিভা স্কুটী।
গ্ৰেপ্তাৰ হোৱা তিনিজন অভিযুক্তক ক্ৰমে হাজোৰ মান্নান আহমেদ আৰু মণিপুৰৰ আচৌবা মহম্মদ (Achouba Mahmed) তথা হিমেত খান (Himet Khan) বুলি চিনাক্ত কৰা হৈছে।
সম্প্ৰতি তিনিওজন অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
