গুৱাহাটী, ৬নৱেম্বৰ:উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (নিৰ্মাণ) মহাপ্ৰবন্ধক আশীষ বানছলে যোৱা বুধবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এই বৈঠকৰ সময়ত বানছলে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (নিৰ্মাণ) তৰফৰ পৰা চলিত বৰ্ষৰ জুন আৰু জুলাই মাহত ৰাজ্যখনত হোৱা প্ৰৱল বানপানীৰ ফলত ক্ষতিগ্ৰস্ত ৰাইজক সাহাৰ্য প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১৩,৬৩,২০৫/- টকা আগবঢ়ায়। প্ৰতিকূল পৰিস্থিতিত অঞ্চলটোৰ জনসাধাৰণৰ কাষত থিয় দিয়াৰ ক্ষেত্ৰত এই বৰঙণিয়ে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (নিৰ্মাণ) দায়বদ্ধতাকে পুনৰ প্ৰতিফলিত কৰিছে।
সাক্ষাৎকালত বানছলে মুখ্যমন্ত্ৰীক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (নিৰ্মাণ) দ্বাৰা ৰূপায়ণ কৰি থকা ৰে'লৱে আন্তঃগাঁথনিমূলক প্ৰকল্প আৰু চলি থকা জৰীপ কাৰ্যসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ ৰে'ল সংযোগ ব্যৱস্থাৰ শক্তিশালীকৰণ, পৰিবহণ আন্তঃগাঁথনি উন্নত কৰি আঞ্চলিক উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ৰে'লৱে উন্নয়নমূলক পদক্ষেপসমূহৰ অগ্ৰগতিৰ বিষয়েও অৱগত কৰে।
বানছালে ৰোনছলে গুৰুত্বপূৰ্ণ ৰে'লৱে প্ৰকল্পসমূহৰ নিৰ্মাণকাৰ্য সুগমতাৰে আৰু সময়মতে সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সহযোগিতা আৰু সমৰ্থনৰ প্ৰয়োজন হোৱা কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ো আলোচনা কৰে। ইয়াৰ ভিতৰত কিছুমান প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা বেদখলসমূহ অপসাৰণৰ বাবে সহায়ৰ লগতে লামডিং-ফৰকাটিং দ্বৈত ৰে'লপথ প্ৰকল্প আৰু কামাখ্যা-গুৱাহাটী তৃতীয় ৰে'লপথ প্ৰকল্পকে ধৰি গুৰুত্বপূৰ্ণ মাল্টি ট্ৰেকিং প্ৰকল্পসমূহৰ বাবে ভূমি মুকলি কৰি আনুষংগিক সহযোগিতাৰ বিষয়সমূহ অন্তৰ্ভুক্ত থাকে।
ইয়াৰ উপৰি প্ৰস্তাৱিত কোকৰাঝাৰ-গেলেফু নতুন ৰে'লপথ প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ কাম ত্বৰান্বিত কৰাৰ ক্ষেত্ৰতো বানছলে ৰাজ্য চৰকাৰৰ সহায় বিচাৰে। এই প্ৰকল্পটো অঞ্চলটোৰ বাবে এক গুৰুত্বপূৰ্ণ ৰে'ল সংযোগমূলক পদক্ষেপ।
এই বৈঠকে ৰূপায়ণৰ ক্ষেত্ৰত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহ দূৰ কৰি গুৰুত্বপূৰ্ণ ৰে'লৱে আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ বাবে ৰে'লৱে আৰু ৰাজ্য চৰকাৰৰ মাজত ঘনিষ্ঠ সমন্বয় আৰু সহযোগিতাৰ গুৰুত্বক পুনৰ প্ৰতিপন্ন কৰিছে। এনে সহযোগিতামূলক প্ৰচেষ্টাই ৰে'ল সংযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে পৰিবহণ সুবিধা বিকশিত কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নত বিশেষ অৰিহণা যোগাব।
