শাক্যমুনি বুদ্ধৰ পৱিত্ৰ ধ্বংসাৱশেষৰ দৰ্শন লাভ কৰি টাৱাং মঠত ২১,০০০ৰো অধিক ভক্তই জনালে শ্ৰদ্ধাঞ্জলি

Public Talks
0


টাৱাং মঠত অনুষ্ঠিত প্ৰদৰ্শনীখন ৭ নৱেম্বৰ, ২০২৬ তাৰিখলৈকে জনসাধাৰণৰ বাবে মুকলি থাকিব।


গুৱাহাটী, ৬ নৱেম্বৰ: এতিয়ালৈকে ২১,০০০ৰো অধিক ভক্তই গাদেন নামগিয়াল লাটছে (টাৱাং মঠ) পৰিদৰ্শন কৰি শাক্যমুনি বুদ্ধৰ পৱিত্ৰ ধ্বংসাৱশেষৰ সন্মুখত প্ৰাৰ্থনা জনোৱাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অৰুণাচল প্ৰদেশৰ টাৱাং আৰু ইয়াৰ চুবুৰীয়া অঞ্চলসমূহৰ পৰা ভক্তসকলে পৱিত্ৰ ধ্বংসাৱশেষৰ পৰা আশীৰ্বাদ গ্ৰহণৰ উদ্দেশ্যে মঠটোত সমবেত হৈছে। টাৱাং মঠত অনুষ্ঠিত এই প্ৰদৰ্শনীখন ৭ নৱেম্বৰ, ২০২৬ তাৰিখলৈকে জনসাধাৰণৰ বাবে মুকলি থাকিব।

এই প্ৰদৰ্শনীখনৰ বিশেষ ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য আছে, কিয়নো ১৩ বছৰৰ ব্যৱধানৰ পিছত পৱিত্ৰ ধ্বংসাৱশেষসমূহ পুনৰ অৰুণাচল প্ৰদেশলৈ ঘূৰি আহিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ পৰা অনা এই পৱিত্ৰ ধ্বংসাৱশেষসমূহে বৌদ্ধ ভিক্ষু, ভক্ত আৰু জনসাধাৰণক শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ লগতে ভাৰতৰ সমৃদ্ধ বৌদ্ধ ঐতিহ্যৰ সৈতে গভীৰভাৱে সংযুক্ত হোৱাৰ এক সুযোগ প্ৰদান কৰিছে।

১৮৯৮ চনত উত্তৰ প্ৰদেশৰ পিপৰাহৱাত এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ আৱিষ্কাৰ কৰা হৈছিল। এই আৱিষ্কাৰে বৌদ্ধ ধৰ্মৰ প্ৰত্নতাত্ত্বিক ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছিল। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত সংৰক্ষিত এই পৱিত্ৰ ধ্বংসাৱশেষসমূহৰ বৌদ্ধ সম্প্ৰদায়সমূহৰ বাবে অপৰিসীম ঐতিহাসিক, প্ৰত্নতাত্ত্বিক আৰু আধ্যাত্মিক তাৎপৰ্য আছে।

বৌদ্ধ ধৰ্মৰ সমৃদ্ধ ঐতিহ্যক আলোকপাত কৰাৰ উদ্দেশ্যে টাৱাং মঠত দুখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ (IBC) উদ্যোগত আয়োজিত ‘পৱিত্ৰ পিপৰাহৱাৰ উন্মোচন: ভগৱান বুদ্ধৰ পৱিত্ৰ ধ্বংসাৱশেষ আৰু সেইবোৰৰ আৱিষ্কাৰৰ কাহিনী’ শীৰ্ষক প্ৰদৰ্শনীখনত এই ধ্বংসাৱশেষসমূহৰ আৱিষ্কাৰ আৰু ঐতিহাসিক তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰা হৈছে।
আনহাতে, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ দ্বাৰা সংকলিত ‘ধৰ্মৰ সংযোগস্থল: ধ্ৰুপদী ঐতিহ্য, জীৱন্ত কলা আৰু নৃতাত্ত্বিক দৃষ্টিভংগী’ শীৰ্ষক প্ৰদৰ্শনীখনত বৌদ্ধ ধৰ্মৰ ঐতিহাসিক, কলাত্মক আৰু সাংস্কৃতিক দিশসমূহ দাঙি ধৰা হৈছে।

টাৱাং মঠত প্ৰদৰ্শনী সমাপ্ত হোৱাৰ পিছত পৱিত্ৰ ধ্বংসাৱশেষসমূহ ৮ৰ পৰা ১৩ নৱেম্বৰ, ২০২৬ তাৰিখলৈ বমডিলাৰ টি জি এল মঠ (লোয়াৰ গোম্পা)লৈ নিয়া হ’ব। ইয়াৰ পিছত ১৪ৰ পৰা ২০ নৱেম্বৰ, ২০২৬ তাৰিখলৈ এই ধ্বংসাৱশেষসমূহ নামচাইৰ গোল্ডেন পেগোডালৈ নিয়া হ’ব। পৱিত্ৰ ধ্বংসাৱশেষসমূহ ২১ নৱেম্বৰ, ২০২৬ তাৰিখে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ পুনৰ ঘূৰাই নিয়াৰ চিন্তা-চৰ্চা কৰা হৈছে।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগত এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই পদক্ষেপে দেশৰ সমৃদ্ধ বৌদ্ধ ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ লগতে শান্তি, কৰুণা, প্ৰজ্ঞা আৰু বিশ্বজনীন ভাতৃত্ববোধৰ ওপৰত আধাৰিত ভগৱান বুদ্ধৰ চিৰন্তন শিক্ষাসমূহ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)