বিজনীৰ গহনা দোকানত বিআইএছৰ অভিযান, নকল হলমাৰ্কযুক্ত সোণৰ গহনা জব্দ

Public Talks
0


মেছাৰ্ছ মা কালী জুৱেলাৰীৰ পৰা ২৪.৪২০ গ্ৰাম সোণৰ গহনা জব্দ, ব্যৱসায়ীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ

চিৰাং জিলাৰ বিজনীত নকল বিআইএছ হলমাৰ্কযুক্ত সোণৰ গহনা বিক্ৰীৰ অভিযোগত এখন গহনা দোকানত অভিযান চলায় ব্যুৰ’ অব্ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (BIS)-ৰ গুৱাহাটী শাখা কাৰ্যালয়ে।

বিআইএছৰ তথ্য অনুসৰি, ৫ নৱেম্বৰত বিজনীৰ পানবাৰী ৰোডস্থিত মেছাৰ্ছ মা কালী জুৱেলাৰীত এই তালাচী অভিযান চলোৱা হয়। অভিযানকালত দোকানখনত নকল বিআইএছ হলমাৰ্কযুক্ত সোণৰ গহনা বিক্ৰী কৰাৰ তথ্য পোহৰলৈ অহাৰ লগতে প্ৰায় ২৪.৪২০ গ্ৰাম সোণৰ গহনা জব্দ কৰা হয়।

এই ঘটনাৰ সন্দৰ্ভত বিআইএছ আইন, ২০১৬ৰ ১৪(২) আৰু ১৫(৩) ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ইফালে, গ্ৰাহকসকলক সোণৰ গহনা ক্ৰয় কৰাৰ সময়ত বৈধ ছয় সংখ্যাযুক্ত হলমাৰ্ক ইউনিক আইডেণ্টিফিকেচন (HUID) নম্বৰ পৰীক্ষা কৰিবলৈ বিআইএছে আহ্বান জনাইছে। গ্ৰাহকে BIS Care App-ৰ জৰিয়তেও হলমাৰ্কৰ সত্যতা পৰীক্ষা কৰিব পাৰিব।

নকল হলমাৰ্কৰ ব্যৱহাৰ ৰোধ আৰু গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এনে অভিযান অব্যাহত থাকিব বুলি বিআইএছে জানিবলৈ দিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)