শিলচৰত কৌশল মেলা আৰু দেৱালী মিলন উৎসৱ অনুষ্ঠিত

Public Talks
0


শিলচৰ, ৭ নৱেম্বৰ: শিলচৰৰ মেহেৰপুৰৰ সৰলা বিৰলা জ্ঞান জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত আজি এ টা কৌশল মেলা দেওৱালী মিলন উৎসৱ অনুষ্ঠিত হয়। মেলাত ছাত্ৰ ছাত্ৰী সকলে হস্ত নিৰ্মিত বিভিন্ন সামগ্ৰীকে ধৰি  খাদ্য সামগ্ৰী কে প্ৰদৰ্শন কৰে। এই মিলন উৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আঞ্চলিক সংবাদ সন্থা পিএনচিৰ চেয়াৰমেন ডঃ হাৰাণ দে আৰু বিদ্যালয় খনৰ অধ্যক্ষা অৰ্পণা ফিলিপচে। 

ভাষন প্ৰসংগত ডঃ দেয়ে এনে মেলাৰ আয়োজন কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ শলাগ লয় আৰু কয় যে  এনে মেলাই  ছাত্ৰ ছাত্ৰী সকলৰ মাজত সুপ্ত হৈ থকা মেধাৰ বিকাশ ঘটোৱাত সহায়ক হ'ব। উদ্দেশ্য ব্যাখ্যা কৰি দিয়া ভাষণত বিদ্যালয়খনৰ অধ্যক্ষা ফিলিপচে কয় যে ছাত্ৰ ছাত্ৰী সকলৰ উদ্ভাৱনী শক্তিৰ বিকাশ ঘটোৱাৰ  বাবে প্ৰতি বছৰে এনে মেলাৰ আয়োজন কৰা হৈ থাকে। বিদ্যালয় খনৰ আমন্ত্ৰণত স্থানীয় বাংলা মাধ্যমৰ শকুন্তলা পাঠশালাৰ ছাত্ৰ ছাত্ৰীয়েও মেলাত ভাগ লয় বুলি অধ্যক্ষা গৰাকীয়ে জানিবলৈ দিয়ে।
Tags

Post a Comment

0Comments

Post a Comment (0)