হাইলাকান্দি ,৩ নৱেম্বৰঃ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত নিৰ্ধাৰিত সময় অনুসৰি পাঠদান চলোৱাৰ নিয়ম থাকিলেও হাইলাকান্দিৰ এখন বিদ্যালয়ত এই নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ পৰা ১২.৩০ বজাৰ ভিতৰতে বিদ্যালয়ৰ সকলো কাম কাজ সামৰি লোৱা হয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় অভিভাৱক আৰু গাঁওবাসীয়ে। এই অভিযোগক কেন্দ্ৰ কৰি ক্ষোভৰ সৃষ্টি হৈছে লালা শিক্ষা খণ্ডৰ অন্তৰ্গত ৭৩৬ নং লক্ষ্মীনগৰ এল পি স্কুলত।
স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি বিদ্যালয়খনত পাঁচগৰাকী শিক্ষক কৰ্মৰত হৈ আছে যদিও তেওঁলোকৰ উপস্থিতি আৰু দায়িত্ব পালনৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অনিয়ম চলি আহিছে। প্ৰধান শিক্ষক নজৰুল ইছলামসহ আন আন শিক্ষকসকলৰ বিৰুদ্ধে নিৰ্ধাৰিত সময়ত বিদ্যালয়ত উপস্থিত নোহোৱাকৈ নিজৰ সুবিধা অনুসৰি অহা যোৱা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত বিদ্যালয়ত উপস্থিত হোৱাৰ পিছত দুপৰীয়া ১২ বজাৰ পৰা ১২.৩০ বজাৰ ভিতৰতে বিদ্যালয়ৰ কাম কাজ সামৰি ঘৰমুৱা হয় শিক্ষকসকল। ফলত অতি কম সময়ৰ ভিতৰতে পাঠদান মধ্যাহ্ন ভোজন বিতৰণকে ধৰি বিদ্যালয়ৰ অন্যান্য কাম-কাজ সম্পূৰ্ণ কৰা হয় বুলি দাবী কৰিছে গাঁওবাসীয়ে।
উল্লেখ্য যে বিদ্যালয়খনত বৰ্তমান প্ৰায় ৯৫ গৰাকী ছাত্ৰ ছাত্ৰী অধ্যয়নৰত। অভিভাৱকসকলৰ মতে, শিক্ষকৰ এনে অনিয়মীয়া উপস্থিতিৰ প্ৰত্যক্ষ প্ৰভাৱ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ওপৰত পৰিছে। নিৰ্ধাৰিত সময় অনুসৰি পাঠদান নোহোৱাৰ ফলত পাঠ্যক্ৰম সম্পূৰ্ণ কৰা আৰু বিদ্যালয়ত স্বাভাৱিক শৈক্ষিক পৰিৱেশ বৰ্তাই ৰখাক লৈ উদ্বেগ প্ৰকাশ কৰিছে অভিভাৱকসকলে।গাঁওবাসীৰ আন এক অভিযোগ অনুসৰি এই সন্দৰ্ভত কেইবাবাৰো সংশ্লিষ্ট শিক্ষা বিভাগৰ বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে যদিও আজিলৈকে কোনো দৃশ্যমান সমাধান ওলোৱা নাই। দীৰ্ঘদিন ধৰি একেই পৰিস্থিতি অব্যাহত থকাত প্ৰশাসনিক তদাৰকীক লৈও প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱকসকলে। তেওঁলোকৰ একাংশৰ অভিযোগ বাৰে বাৰে অভিযোগ জনোৱাৰ পিছতো কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে বিদ্যালয়খনৰ পৰিস্থিতিৰ পৰিৱৰ্তন হোৱা নাই।
ইফালে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়েও শিক্ষকসকলৰ দায়িত্ব পালনৰ ধৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। গাঁওবাসীৰ দাবী সমগ্ৰ বিষয়টো নিৰপেক্ষভাৱে তদন্ত কৰি অভিযুক্ত শিক্ষকসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ লগতে বিদ্যালয়খনত নিয়মীয়া পাঠদান নিশ্চিত কৰাৰ স্বাৰ্থত প্ৰয়োজন সাপেক্ষে শিক্ষক বদলিৰ ব্যৱস্থা কৰাৰো দাবী জনাইছে তেওঁলোকে।
ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰা আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ সময়তে লক্ষ্মীনগৰ এল পি স্কুলক কেন্দ্ৰ কৰি উত্থাপিত এই অভিযোগে স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি কৰিছে। অৱশ্যে এই অভিযোগসমূহৰ সন্দৰ্ভত সংশ্লিষ্ট শিক্ষকসকলৰ বক্তব্য আৰু শিক্ষা বিভাগৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া জানিব পৰা গ'লে বিষয়টোৰ অধিক স্পষ্ট ছবি পোহৰলৈ আহিব।
এতিয়া লক্ষণীয় হ'ব গাঁওবাসীৰ দীৰ্ঘদিনীয়া অভিযোগৰ ভিত্তিত লালা শিক্ষা খণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষ তথা জিলা শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে। বিদ্যালয়খনত নিৰ্ধাৰিত সময় অনুসৰি পাঠদান নিশ্চিত কৰা আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক স্বাৰ্থ সুৰক্ষিত কৰাটোৱেই এতিয়া অভিভাৱকসকলৰ প্ৰধান দাবী।
