কাছাৰ জিলাৰ বালাছেৰাত বুজন পৰিমাণৰ কাহৰ চিৰাপ উদ্ধাৰ

Public Talks
0


শিলচৰ, ৩ নবেম্বৰ: কাছাৰ জিলাৰ বৰখলাৰ বালাছেৰা টোলগেটক ড্ৰাগছ সৰবৰাহৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা বিফল কৰিলে বৰখলা আৰক্ষীয়ে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে বালাছেৰা টোলগেটত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ কাহৰ চিৰাপ উদ্ধাৰ কৰে। এই ঘটনাত লৰীখনৰ চালক আৰু সহ-চালকক গ্ৰেপ্তাৰ কৰা হৈছে।


জানিব পৰা মতে, বালাছেৰা থানাৰ ও’ চি কুলেন্দ্ৰ কুমাৰ হুজুৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বালাছেৰা টোলগেটত তালাচী অভিযান চলায়। সেই সময়ত আৰক্ষী জোৱানসকলে এম পি ৩৩ এইচ ২০৮৩ নম্বৰৰ পঞ্জীয়ন নম্বৰৰ এখন চেনি ভৰ্তি ল’ৰীত তালাচী চলাই বৃহৎ পৰিমাণৰ কাহৰ চিৰাপ উদ্ধাৰ কৰে। ল’ৰীখনৰ পৰা ৪৭০টা কাৰ্টনত থকা মুঠ ৪৭ হাজাৰ বটল কাহৰ চিৰাপ উদ্ধাৰ কৰি জব্দ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা কাহৰ চিৰাপ ভৰ্তি ল’ৰীখন ত্ৰিপুৰালৈ ৰাওনা হৈছিল। প্ৰথমে অনুমান কৰা অনুসৰি চেনি ভৰ্তি সামগ্ৰীৰ আঁৰত কাহৰ চিৰাপ সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল। কিন্তু বৰখলাৰ বালাছেৰা টোলগেটত আৰক্ষীৰ তালাচীৰ সময়ত এই পৰিকল্পনা ব্যর্থ  হ’য়।
জব্দ কৰা ল’ৰীখনৰ চালক আৰু সহ-চালকজন বৰ্তমান বৰখলা আৰক্ষীৰ জিম্মাত আছে। উদ্ধাৰ হোৱা কাহ চিৰাপৰ উৎস, চোৰাংচোৱাগিৰিৰ লগত জড়িত লোকৰ পৰিচয়, এই ঘটনাৰ লগত আন কোনো লোক জড়িত আছে নে নাই সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আজিৰ  এই অভিযানত দ্বিতীয় বিষয়া মণিৰাম কলিতা, উপ-পৰিদৰ্শক সৌৰভ বৰদলৈ, উপ-পৰিদৰ্শক কমলেন্দু দেৱকে ধৰি অন্যান্য আৰক্ষী বিষয়া উপস্থিত থাকে।

Tags

Post a Comment

0Comments

Post a Comment (0)