গুৱাহাটী, ৩ নৱেম্বৰঃ মেঘালয়ৰ ন-মাইলত অৱস্থিত ইউএছটিএমৰ অন্তৰ্গত শৈক্ষিক প্ৰতিষ্ঠান ইব্ৰাহিম আলি আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ (আইএএমচি) চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ২০২৩ চনত এই আয়ুৰ্বেদিক মহাবিদ্যালয়খন উদ্বোধন কৰিছিল ভাৰত চৰকাৰৰ আয়ুস দপ্তৰৰ তদানীন্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মহাবিদ্যালয়খনৰ চৌহদত ইউএছটিএমৰ উপাচাৰ্য অধ্যাপক গৌৰী দত্ত শৰ্মাই পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা এই প্ৰতিষ্ঠা দিৱসত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীবৃন্দই শোভাযাত্ৰাৰে নিৰ্মল কুমাৰ চৌধুৰী প্ৰেক্ষাগৃহত উপস্থিত হৈ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অনিল শৰ্মাই আদৰণি ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানটোত আইএএমচিৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰে। পি এ চাংমা আন্তৰ্জাতিক চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনিক সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, বিশিষ্ট লেখক তথা সমালোচক ময়ুৰ বৰা আৰু হিমালয়ান ৱেলনেছ চেণ্টাৰৰ বৈজ্ঞানিক শাখাৰ জ্যেষ্ঠ প্ৰবন্ধক ড৹ এছ এছ কৰ আদিয়ে অতিথি হিচাবে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিক ডাঃ প্ৰিয়া বাৰীয়ে। অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীয়ে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰে।
ইউএছটিএমৰ শৈক্ষিক প্ৰতিষ্ঠান ইব্ৰাহিম আলি আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ (আইএএমচি) চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
Tuesday, November 03, 2026
0

Tags