ৰাষ্ট্ৰীয় মঞ্চত উজলিল অসম কন্যা, ‘Miss Inter-celestial India 2026-27’ৰ খিতাপ অৰ্জন শ্ৰীভূমিৰ ঋতুপৰ্ণা ধৰৰ

Public Talks
0


নতুন দিল্লীত অনুষ্ঠিত প্ৰতিযোগিতাত দেশৰ অৰ্ধশতাধিক প্ৰতিযোগীক পৰাস্ত কৰি কঢ়িয়ালে অসমলৈ গৌৰৱ

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিল এগৰাকী অসম কন্যা। সৌন্দৰ্য আৰু প্ৰতিভাৰ ৰাষ্ট্ৰীয় মঞ্চত বিশেষ সফলতা অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে শ্ৰীভূমি জিলাৰ ২২ বছৰীয়া ঋতুপৰ্ণা ধৰে। নতুন দিল্লীত অনুষ্ঠিত ‘Miss Inter-celestial India 2026-27’ প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ঋতুপৰ্ণাই।

উল্লেখ্য যে, যোৱা ৩১ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখনৰ চূড়ান্ত প্ৰতিযোগিতা। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত নিজৰ প্ৰতিভা, আত্মবিশ্বাস আৰু পাৰদৰ্শিতাৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হয় অসম কন্যাগৰাকী।

ৰাষ্ট্ৰীয় পৰ্যায়ত এই উল্লেখযোগ্য সফলতা অৰ্জন কৰাৰ পাছত গৃহভূমিলৈ উভতি অহা ঋতুপৰ্ণাক গুৱাহাটী ৰে'ল ষ্টেচনত পৰিয়ালৰ লোক, আত্মীয়-স্বজন আৰু শুভাকাংক্ষীসকলে উষ্ম আদৰণি জনায়। প্ৰিয়জনৰ মৰম আৰু শুভেচ্ছাৰে আপ্লুত হৈ পৰে নৱপ্ৰজন্মৰ এই প্ৰতিভাৱান যুৱতীগৰাকী।

আনহাতে, এই খিতাপ অৰ্জনৰ জৰিয়তে ঋতুপৰ্ণাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰো সুযোগ লাভ কৰিছে। অহা বৰ্ষৰ আগষ্ট মাহত ইণ্ডোনেছিয়া অথবা কলম্বিয়াত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব তেওঁ।

উল্লেখ্য যে, মডেলিং জগতৰ সৈতে জড়িত ঋতুপৰ্ণা ধৰ কেৱল এগৰাকী মডেলেই নহয়, তেওঁ এগৰাকী শিক্ষয়িত্ৰী আৰু নৃত্যশিল্পীও। ইতিমধ্যে মডেলিং জগতত নিজৰ প্ৰতিভা আৰু কৰ্মদক্ষতাৰে কেইবাটাও সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ।

ৰাষ্ট্ৰীয় পৰ্যায়ত এই সাফল্যৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ঋতুপৰ্ণাৰ এই কৃতিত্বই ৰাজ্যখনৰ নৱপ্ৰজন্মৰ প্ৰতিভাৱান যুৱতীসকলকো নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব। এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চতো সফলতাৰ ধাৰা অব্যাহত ৰাখি দেশৰ লগতে অসমৰ নাম উজলাবলৈ সাজু হৈছে ঋতুপৰ্ণা।

Tags

Post a Comment

0Comments

Post a Comment (0)