প্ৰশাসনিক পৰিচয় সলনি; কাছাৰ জিলা আৰক্ষীৰ অধীনলৈ পাঁচগ্ৰাম থানা
প্ৰশাসনিক মানচিত্ৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। হাইলাকান্দি জিলাৰ অধীনত থকা পাঁচগ্ৰাম থানাক আনুষ্ঠানিকভাৱে কাছাৰ জিলাৰ অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োখন জিলাৰ আৰক্ষী বিষয়াসকলৰ উপস্থিতিত থানাখনৰ দায়িত্ব হস্তান্তৰ কৰা হয়। ফিতা কাটি নতুন প্ৰশাসনিক ব্যৱস্থাৰ আনুষ্ঠানিক সূচনা কৰে কাছাৰৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে।
এই উপলক্ষে আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে আগন্তুক কেইদিনমানৰ ভিতৰতে শালচাপৰা অঞ্চলৰ কেইবাখনো গাঁও পাঁচগ্ৰাম থানাৰ অধীনলৈ অনাৰ পৰিকল্পনা কৰা হৈছে।
নতুন ব্যৱস্থা কাৰ্যকৰী হোৱাৰ লগে লগে পাঁচগ্ৰাম থানাত ৰুজু হোৱা সকলো গোচৰৰ তদন্ত, আইনী প্ৰক্ৰিয়া আৰু অন্যান্য আৰক্ষী সম্পৰ্কীয় দায়িত্ব কাছাৰ জিলা আৰক্ষীয়ে পালন কৰিব। লগতে থানাখনত ৰুজু হোৱা গোচৰসমূহ কাছাৰ জিলাৰ আদালতলৈ প্ৰেৰণ কৰা হ’ব।
উল্লেখ্য যে জিলাৰ প্ৰশাসনিক সীমা সলনিৰ ফলত পাঁচগ্ৰাম থানাৰো প্ৰশাসনিক পৰিচয় সলনি হ’ল। এতিয়াৰে পৰা হাইলাকান্দিৰ পৰিৱৰ্তে কাছাৰ জিলা আৰক্ষীৰ অধীনত পৰিচালিত হ’ব পাঁচগ্ৰাম থানা।
