গোলাঘাটঃ অবৈধ সুৰাৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে বৃহৎ অভিযান চলায়। নিশা গোলাঘাট আৰক্ষীৰ দলে নুমলীগড় গ্ৰাম্য থানাৰ অন্তৰ্গত হাইৱেৰ কাষত থকা কেইবাখনো ধাবাত অভিযান চলায়।
অবৈধভাৱে IMFL (Indian Made Foreign Liquor) বিক্ৰী কৰাৰ বিৰুদ্ধে চলোৱা এই অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে।
অভিযানৰ পাছত জব্দকৃত সুৰাখিনি আইন অনুসৰি জব্দ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে।
অবৈধ সুৰাৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
