ডুবাইঃ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত কৰি ফাইনেলৰ টিকট নিশ্চিত কৰে ভাৰতীয় দলটোৱে।
মেচখনত ভাৰতীয় দলে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছত ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত বাংলাদেশে বিশেষ প্ৰত্যাহ্বান আগবঢ়াব নোৱাৰিলে আৰু ভাৰতীয় দলে বৃহৎ ব্যৱধানত জয়লাভ কৰি এছিয়া কাপৰ ফাইনেলত স্থান নিশ্চিত কৰে।
