সৰুপথাৰত ONGC পাইপলাইন ফুটা কৰি তেল চুৰিৰ অভিযোগ...

Public Talks
0

 


সৰুপথাৰত ONGC পাইপলাইন ফুটা কৰি তেল চুৰিৰ অভিযোগ, আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন

সৰুপথাৰ: সৰুপথাৰ সমজিলাত ONGCৰ পাইপলাইন ফুটা কৰি তেল চুৰি কৰাৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এটা সংগঠিত চক্ৰই দীৰ্ঘদিন ধৰি পাইপলাইনত হস্তক্ষেপ কৰি তেল চুৰি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।

ইফালে, তেল চুৰি চক্ৰটোৰ সৈতে একাংশ আৰক্ষী বিষয়াৰ ঘনিষ্ঠ সম্পৰ্ক আৰু অবৈধ লেনদেনৰ অভিযোগক লৈও বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে এই অভিযোগসমূহৰ সত্যতা স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই

ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি তেল চুৰিৰ আঁৰত থকা চক্ৰ আৰু অভিযোগ সত্য হ’লে সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে। তদন্ত আগবাঢ়িলেহে সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Tags

Post a Comment

0Comments

Post a Comment (0)