জন্মদিনৰ আনন্দ মুহূৰ্ততে কান্দোনত, টোকলাই জানত সলিল সমাধি ৩ ছাত্ৰৰ
টোকলাই: জন্মদিনৰ পাৰ্টী উদযাপন কৰিবলৈ গৈ টোকলাই জানত গা ধুবলৈ নামি কৰুণ পৰিণতিৰ সন্মুখীন হ’ল তিনিগৰাকী ছাত্ৰ। ঘটনাটোত দুজন দশম শ্ৰেণীৰ আৰু এজন একাদশ শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, মুঠ ১১ গৰাকী শিক্ষাৰ্থী জন্মদিনৰ পাৰ্টী কৰিবলৈ অঞ্চলটোলৈ আহিছিল। তাৰ মাজতে কেইগৰাকীমান ছাত্ৰ টোকলাই জানত গা ধুবলৈ নামিছিল। তেনে সময়তে পানীত ডুবি তিনিজন ছাত্ৰৰ কৰুণ মৃত্যু ঘটে।
ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাক লৈও উদ্বেগ সৃষ্টি কৰিছে।
