কাৰ্বি আংলঙৰ বলিপথাৰত কৃত্ৰিম বান, বিপদসংকুল যাতায়াত ছাত্ৰ-ছাত্ৰীৰ...

Public Talks
0

 


কাৰ্বি আংলঙৰ বলিপথাৰত কৃত্ৰিম বান, বিপদসংকুল যাতায়াত ছাত্ৰ-ছাত্ৰীৰ

কাৰ্বি আংলং: কাৰ্বি আংলং জিলাৰ বলিপথাৰৰ পক্লং অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত যমৰ-যাতনা ভুগিছে স্থানীয় ৰাইজে। পাহাৰত হোৱা এজাক মুষলধাৰ বৰষুণৰ পাছতে পথটোত পানী জমা হৈ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে।

বিশেষকৈ বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে জীৱনক বিপদত পেলাই বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। পানী নিষ্কাশনৰ ব্যৱস্থা কৰি পথটো যাতায়াতৰ উপযোগী কৰি তুলিবলৈ স্থানীয় ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

Tags

Post a Comment

0Comments

Post a Comment (0)