গুৱাহাটী, ৩১ আগষ্ট: সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকলৰ সৈতে সোমবাৰে বৈঠকত মিলিত হয় খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়। অসম সচিবালয়ৰ ব্লক-বিৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়।
বৈঠকত লাভৰ হাৰ বৃদ্ধি, দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণ, হস্তান্তৰ আদি বিষয় উত্থাপন কৰে সন্থাই। মন্ত্ৰীগৰাকীয়ে সমস্যাসমূহ নিয়ম-নীতি অনুসৰি পৰীক্ষা কৰি বাস্তৱসন্মত সমাধানৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।
ৰাজহুৱা বিতৰণ ব্যৱস্থা সুচাৰুৰূপে চলাই নিয়াত সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ ন্যায্য সমস্যাসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰাৰ আশ্বাস দিয়ে।
