গুৱাহাটী, ৫ আগষ্ট: উজনি অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে বুধবাৰে বিটিআৰৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ এক বৃহৎ প্ৰতিনিধি দলে গুৱাহাটীৰ খানাপাৰাৰ পৰা ৰাওনা হয়। দলটোৰ সৈতে বিটিআৰৰ কেইবাজনো বিধায়ক আৰু দলীয় নেতাও উপস্থিত থাকে।
বান সাহায্য হিচাপে ১০ হাজাৰতকৈ অধিক আঠুৱা, বেডশ্বীট, ফেনাইলকে ধৰি প্ৰায় ৩০-৩৫ হাজাৰ প্ৰয়োজনীয় সামগ্ৰী বানপীড়িতসকলৰ মাজত বিতৰণ কৰা হ'ব বুলি হাগ্ৰামা মহিলাৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, "ট্ৰাক কিমানখন গৈছে সেয়া ডাঙৰ কথা নহয়, ট্ৰাকত কি সহায় সামগ্ৰী আছে সেয়াহে গুৰুত্বপূৰ্ণ।" লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰয়োজন অনুসৰি অধিক সাহায্য আগবঢ়োৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে।
.jpg)